পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৮ ]

তাতেই সুখত কটাওঁ ৰাতি তাতেই খাওঁ ভাত।
না লাগে ইটা, বিলাতী মাটি, না লাগে টিনপাত॥
দেশৰ মাটিত দেশৰ ধন দেশৰ বাঁহ-বাঁহনি।
তাৰেই সঙ্গ ঘৰখনতে আমিই বজাৰাণী॥

______

 

আমাৰ জাতীয় ভাই

অসম দেশৰ চাৰিও পিনে আছে নানা জাতি।
অকা দফলা আবৰ খাম্‌তি পাহাৰত বসতি॥
নগা গাৰো চিংফৌ খাচিয়া কুকী ও লুছাই।
মিৰি মিশমি লালুঙ মিকিৰ সকলো মোৰ ভাই॥
ডিমাছা কছাৰী দেউৰী বডো ও চুতিয়া।
আমাৰ জাতীয় ভাই ওচৰ চুবুৰীয়া॥
আহোম আমাৰ ভাই, আছিল আমাৰ ৰজা।
দৌল দেৱালয় সজাই দিছে এতিয়াও কৰোঁ পূজা॥
কোচ কলিতা বামুণ শূদিৰ কায়েথ নদীয়াল।
নাথ-কাটুনী বনিয়া হীৰা আমাৰ পৰিয়াল॥
অসম দেশ মোৰ মাতৃভূমি মোৰ ওপজা ঠাই।
এই দেশতে থকা লোক সৰ আমাৰ জাতীয় ভাই॥

______