ফকৰাৰ থুন্‌পাক

ৱিকিউৎসৰ পৰা
[  ]

[  ]

 

ফকৰাৰ থুন্‌পাক

 


প্ৰকাশকঃ যতীন্দ্ৰ নাথ মহন্ত
 || মহন্ত প্ৰকাশন
নতুন আমোলাপট্টি, নগাঁও (অসম)
 দূৰভাষ - ৯৪০১৩৯৯৯৮৫

 


ৰেণু মহন্ত

[  ]
 

ফকৰাৰ থুন্‌পাক

ৰেণু মহন্ত


 আলিবাট
 জয়ানগৰ, ছয়মাইল,
ডাকঃ খানাপাৰা, গুৱাহাটী-৭৮১ ০ ২২ৰ হৈ
প্ৰাঞ্জল কুমাৰ মহন্তৰ দ্বাৰা  মুদ্ৰিত
  + ৯১ ৮০১১৭২৪৫৯৩
Email : pranjalkrmahanta@gmail.com
প্ৰথম সংস্কৰণঃ মে’, ২০১৯। প্ৰচ্ছদঃ মণিমুগ্ধ
 মূল্যঃ ৩০.০০ টকা © লেখিকা

This book is sold subject to the condition that it shall not, by way of trade or otherwise, be lent, resold, without the publisher's prior written consent in any form of binding or cover other than that in which it is published and without a similar condition including this condition being imposed on the subsequent purchaser and without limiting the rights under copyright reserved above, no part of this publication may be reproduced, stored in or introduced into a retrieval system, or transmitted in any form or by any means (electronic, mechanical, photocopying, recording or otherwise), without the prior written permission of both the copyright owner and the above mentioned publisher of the book.

[  ]

 

 এই কিতাপখনি মোৰ পৰম আৰাধ্য স্বামী
৺হেমেন্দ্ৰ নাথ মহন্ত দেৱৰ চৰণকমলত পৰম
  ভক্তিৰে অৰ্পণ কৰিলোঁ৷

—দুৰ্ভগীয়া দাসী ৰেণু

[  ]
 

মোৰ দুৱাষাৰ

 ‘এডাল দুবৰি বন তাৰো আছে এটি মন’ এয়া স্বনামধন্য কবি গীতিকাৰ মোৰ পৰম শ্ৰদ্ধাৰ ননন্দী জোঁৱাই ৺কেশৱ মহন্ত দেৱৰ লিখনিৰ কথাহে। মোৰ এটা অভ্যাস আছে কথা কোৱাৰ মাজতে খাপ খোৱাকৈ ফকৰা কৈ দিওঁ, আজিকালি ফকৰা কি বস্তু মানুহে বুজি পাইনে নেপাই নাজানো। জনাসকলে ইতিমধ্যে মেলানি মাগিলে, কোনে ক'ব! কিন্তু মোৰ দুগৰাকীমান ভনী ছাঁৰ দৰে মোৰ লগতে থাকে। তেওঁলোকে প্ৰায়ে কয় বাইদেউ লিখকচোন। মই মনোযোগ নিদিওঁ। শেষত যেনিবা যিখিনি মনত আছে আৰু মনত পৰিছে তাকে কিতাপ আকাৰে প্ৰকাশ কৰিলো। আৰু অনুৰোধ কৰা ভনী নিৰুপমা শৰ্মা, অমলা তামুলী, নিলীমা বৰকাকতী, হিতমা হাজৰিকা, মমী গোস্বামী, ৰঞ্জু গোস্বামীলৈ মোৰ বহুমূলীয়া মৰম, কৃতজ্ঞতা জ্ঞাপন কৰিছো। তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি মই বৰ আনন্দ পাইছো। তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰিলো। এই কিতাপখনৰ পাণ্ডুলিপি প্ৰস্তুত কৰি দিয়াত শিক্ষয়িত্ৰী প্ৰণামিকা অধিকাৰীয়ে কৰা সহায়ৰ বাবে মই যথেষ্ট সকাহ পালো। তেওঁৰ সু-স্বাস্থ্য কামনা কৰিলো৷

 লগতে মোৰ এই কিতাপখনি আগৰ পৰা গুৰিলৈকে সকলো চোৱা-চিতা কৰা মোৰ নাতি সমতুল্য, ভতিজা প্ৰাঞ্জল কুমাৰ মহন্তলৈ মোৰ স্নেহাশিস যাচিলো আৰু তেওঁৰ ভৱিষ্যত দীৰ্ঘায়ু কামনা কৰিলো।

—ৰেণু মহন্ত

[  ]
 


ফকৰাৰ থুন্‌পাক

[  ]

 নাম তেওঁৰ মোহন শইকীয়া। তেওঁ বাস কৰা গাঁওখনৰ নাম - বালিজুৰি। কৃষি কৰ্মেৰে ভৰপূৰ শইচেৰে নদন-বদন। মোহন শইকীয়াইয়ো ঘৰখন কৃষিৰেই ধুনীয়াকৈ চলাই আছে। আকালো নাই, ভঁৰালো নাই। সেয়ে হলেও গাঁওখনত তেওঁৰ এটা সদ্‌নাম আছে। নামে-পাঠে সকলোতে আগভাগ লয় বুলি। পৰিয়াল বুলিবলৈ ৩ টি প্ৰাণী। তেওঁ, পত্নী আৰু জীয়ৰী তৰা। তৰাযে তৰাই; কামে-বনে, কথাই বতৰাই, দেখাই-শুনাই চকুত লগা। যেন চিত্ পখিলীহে। পুৱাই বাঢ়নীটাৰ লৈ তাই পদূলিৰ মুখলৈকে সাৰি আহিলগৈ। তাৰ পিছত গোহালিটোলৈ চাই দেখিলে— গৰুবোৰচোন উঠাই নাই! “এ যাঃ। বৌটিয়েই সাৰিব” বুলি মনতে ঠিৰাং কৰি তাই মাকক ৰিঙিয়াই ক'লে— “অ’ বৌটি, গোহালিটো তোলৈকে থ'লোঁ দেই। মই গা ধুওঁগৈ৷” মাকে শুনিলেনে নাই তাই গম নাপালে যদিও বাঢ়নীটাৰ বেৰতে আউজাই থৈ গা-ধুবলৈ গ'ল।

 পানী দুবাল্টি তাই পুখুৰীৰপৰা আনি বাঁহেৰে ঘেৰা গা-ধোৱা ঘৰটোত সোমাল। আপোনমনে তাই চাবোন ঘঁহাত লাগিল। বহুত পৰৰ পিছতহে হঠাৎ তাইৰ বেৰখনলৈ চকু গল— “যাঃ বাপ্পেকে, মই চোন কাপোৰেই নানিলো!” তাই আকৌ মাকক ৰিঙিয়ালে — “অ’ বৌটি, মোৰ পিন্ধা কাপোৰকেইটা লৈ আহচোন। মই আনিবলৈ পাহৰিলোঁ।”— এইবাৰো তাই মাকৰ সঁহাৰি নাপালে। তাই মনতে ভাবিলে — “বৌটি ক’লৈ গ’ল? যাঃ, তিতাগাৰেই যাওঁগৈ গামোচাখন মেৰিয়াই। ইমান পুৱাতে কোননো আহিব?’ ভবামতেই তাই সেইদৰে গা-ধোৱা ঘৰৰ পৰা ওলাই দৌৰ মাৰি বৰঘৰলৈ আহোঁতেই দেখিলে বৰঘৰৰ পিৰালিত বহি ফুকননী আইতা মাকৰ লগত কথাত মচগুল। তাই তেনে অৱস্থাৰে দৌৰি অহা দেখি ফুকননী আইতাই মাত দিলে — “অ’ কি হ’ল এইজনীৰ? বোলো ‘ধিনদাও বগৰীৰ পাত, ৰিহা নাইকিয়া গাত।” মাকো অবাক। তেওঁ কলে — “কি হ’ল ঐ এইজনী?” কাৰো কথালৈ ভ্ৰক্ষেপ নকৰি তৰা ভিতৰলৈ সোমাই গ'ল আৰু তাৰ পৰাই ক'লে — “অ' বৌটি, অ’ আইতা, একো হোৱা নাই। গেৰেলাই কুঁহিয়াৰ খালে, যি হয় সেয়ে হ’ল বুজিছ।” শুনি দুয়ো মুখ টিপি [  ] হাঁহিলে। ফুকননীয়ে ক'লে — “ৰ’বা ৰ’বা তৰাৰ মাক, এই ব্ৰহ্মপুৱাতে মই বহি থাকিম বুলি তাই কেনেকৈ জানিবহে! ‘তাই হাতেৰেও কাজী, মুখেৰেও কাজী; কথাৰেও যায় ৰামতাল বাজি।’ নহয় জানো” — বুলি আইতাই হাঁহিলে। শইকীয়ানীয়ে ক’লে — “হ’লেও বাইদেউ, বোলে ‘অভ্যাসৰ নৰ, কৰ্ণপথে কৰে শৰ। সেইটো হ’লে সঁচা কথা দেই”— বুলি কথাষাৰ শেষ কৰি বাটলৈ চোৱাত মোলোকাৰ পুতেক কদমক দেখি মাত লগালে — “অ’ কদম, ৰচোন ৰ। একেবাৰেচোন অগ্নিশৰ্মা হৈ কোঁ-কোৱাই বাট বুলিছ। কি হ’ল?”

  —“কি-নো আৰু হ’ব আইতা! ‘য’তে বাঘৰ ভয়, তাতে ৰাতি হয়।’ এতিয়াও সেইটোৱেই হ’ল। কেনেকৈ সহ্য কৰো আইতা? মোৰ লহ্‌পহ্‌কৈ বাঢ়ি অহা কঠিয়াডৰা তেনেই খুৱাই গৰু মেলি দি বুইছে। ময়ো দিছোঁ ঠিককৈ মধুৰ কি হাত আছে, মেমেৰাৰ নাই নেকি?”

 ফুকননী আইতাই মাত লগালে —“ৰ,ৰ কদম। ভদোৱে বেয়া কাম কৰিছে। সঁচা কথা। তই বাৰু নিজ চকুৰে দেখিছিলিনে?”

 সি চকুপানী মচি ক’লে— “নাই দেখা আইতা।”

  —“তেতিয়াহ’লে সিটো পঘা ছিঙিও যাব পাৰে! কিয় আন্দাজত বেয়া কাম কৰ কচোন। খং নামেই চণ্ডাল।’ হেৰ’ বুঢ়ালোকে নকয় জানো ‘ক্ষুদ্ৰ ফিৰিঙতিৰ পৰাহে খাণ্ডৱ দাহ হয়’। তাকে কয় বোলে ‘কটাৰ পো কুটি, লোকলৈ বুলি হুল পুতি, আপুনি মৰে ফুটি’। সেইটো যাতে নহয়, মনত ৰাখিবি।” ইপিনে শইকীয়ানীৰ ফালে চাই ক’লে — “তৰাৰ মাক, ইয়াৰ সকলো কথা বিশ্বাস নকৰিবা। ই ‘এঠাইত কাটিলে সাত ঠাইত গজা’। বোলো ‘ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগৈ শিপা’। অ’ ৰাম–কৃষ্ণ মই একেবাৰে নাজানো...”

 তেনেতে তৰাই পিৰালি চোতালতে ঠাইকণ হাত ফুৰাই লৈ চাহ অকণ দি সেৱা এটা কৰিলে। তাকে দেখি ফুকননীয়ে পুনৰ ক’লে — ‘মই নকৈছিলোনে তৰাৰ মাক, ‘টিক বলধা ওলাই মাটি, মাক ভালেই জীয়েক জাতি’।”

 শইকীয়ানীয়ে ক’লে — “ইমানকৈ নশলাগিব আই। শলাগোতে শলাগোতে শলাগাঁঠি লাগিব আকৌ।”

  —“নহয় নহয় তৰাৰ মাক, তেনেকৈনো কিয় কোৱা, আমি মানুহ চিনি পাওঁ। ৰ’বা দেও, চাহকণ ঠাণ্ডা হোৱাৰ আগতে খাই লওঁ। বোলে ‘যিহে লাগিছে ভোকৰ গোট, ক’ৰ গোসাঁই সেৱা ক’ৰ ফোঁট’। ৰাতিপুৱাই ওলাই অহা নহয়, [ ১০ ] ডিঙিটো শুকাই গৈছে।”

  —“ৰ’ব বাইদেউ, মনত পৰোতেই কথা এটা সোধোঁ, এই বৰাঘৰৰ বিয়াখনৰ কিবা খবৰ পায়নে? হ’বগৈনে বাৰু?”

 ফুকননীয়ে ক'লে —“হ’ব হ’ব কিয় নহ’বহে? ল’ৰা-ছোৱালীৰ ঘৰ ওচৰা- ওচৰি, সদায় লগ পায়েই থাকে; কোনে ৰাখিবহে? বোলে ‘লোককে দেখুৱাই কেটেৰাই মাতিবা, ভিতৰি নেৰিবা বেথা’।

  — “হওক বাইদেউ, আমাক দেখুৱাবও নালাগে। ওচৰ-চুবুৰীয়া তাহাঁতৰে সহায় হ’ব। ‘যাক যিহে শুৱাই; ঘন চুবুৰীৰ ছোৱালী আনিবা লফা চুৰ কৰি খুৱাই'। বাইদেউ, মোৰ মনত অন্য এটা কথাহে খেলাইছে। কথাবোৰ চোন বুজিবলৈকে টান।”

  —“অ” সেইটো নেকি? এ ল’ৰাঘৰৰ লগত ছোৱালীঘৰৰ একেবাৰে মিল নাই; খাপ খাব জানো? মানুহে কয় ’সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ।”

  —“হয় কিন্তু, ‘ধান হ’লে ৰৈ যাব; পতান হলে উৰি যাব’। এনেয়েও ‘ছোৱালীৰ স্বভাৱ পানীৰ দৰে হ’ব লাগে’ বুলি মানুহে কয় কাৰণ পানীক যি পাত্ৰতে থয়, তাৰে আকাৰ লয়।”

  —“কিন্তু আজিকালি নোৱাৰে বাইদেউ, পঢ়া-শুনা আদিতে সময় যায়চোন। মাকৰ জানো সহায় হয়?”

  — “কিন্তু এটা কথা, বৰাৰ জীয়েকৰ স্বভাৱটো বৰ ভাল। ঈশ্বৰে ভাল কৰক। তাইক ‘গোৰ মাৰি গঙ্গাতহে পেলালে’ বুইছা! ইমান কাঢ়া শাসন মাহীমাকজনীৰ। মোৰ কেতিয়াবা দেখিলেও বেয়া লাগে, নকওঁ আৰু ক’ৰবাত ‘নগৰত জগৰ লাগিব’ বুলি। ‘যেতেকে আটে, তেতেকে ফাটে’, কাঞ্চনকে চোৱাচোন। তাইনো বাৰু কি ভাবি কি কাম কৰিলে? ককায়েক ঢুকুৱাৰ দুদিন হ’বলৈ নেপালেই; নবৌয়েকজনীক কমখন কৰিলেনে? ভাবিলেই আচৰিত লাগে।”

  শইকীয়ানীয়ে ক'লে — “এৰা, ‘গড়গাঁও, গড়গাঁও, কথা শুনি তল যাওঁ’ দেখাতচোন গহীনেই, চেলবেলায়ো নাথাকে।”

  — “সেইটোৱেই কথা। ‘ৰহৰহীয়ে পাতে গাঁও, নিবোকীয়ে ভাঙে গাঁও’। বুজিছা তৰাৰ মাক, বোলে ‘যোৰৰো যোৰ বিপৰীত যোৰ, এটি কাণকটা আনটি [ ১১ ] চোৰ’। অ.. হেৰা তৰাৰ মাক বেলি বহুত হ’ল। বহুত কথা পাতিলোঁ। যাওঁ বুইছা। তোমালোকৰ শইকীয়াক দেখাই নাই, এই পুৱাতে ক’লৈনো গল?”

  —“পুৱাতে নহয় বাইদেউ, কালিয়েই; ভাগৱত পাঠলৈ বুলি। আজিহে আহিব।”

  —“অ' হয় নেকি, যাওক যাওক, যাব লাগে, সৎসঙ্গ ল’ব লাগে। আমাৰহে একো নহ’ল, বুজিছা, মনৰ আশা মনতে থাকিল। এই মানুহজনৰ কাৰণেই আজিকালি এইবোৰ ভাবিবলৈকে বাদ দিলো। বোলে ‘আই আই লেঙনী, বাই বাই লেঙনী; মই হ’লো মাজতে বহি অধিকাৰণী”... বুলি আপোনমনে কৈ কৈ ফুকননী আইতা গ’লগৈ। ৰাণুৱেও যেন সকাহ পালে। হাজাৰ হ’লেও ৰাতিপুৱাৰ সময়খিনি।

  ইপিনে ভিতৰত তৰাৰ খঙে মূৰৰ চুলি পাইছিলগৈ। পুনৰ ‘বৌটি’ বুলি মাতিবলৈ লওঁতেই মাক তাইৰ ওচৰ পালেগৈ। তৰাই মুখলৈ নাচাই বকিবলৈ ল’লে — “বাঃ বৌটি, সময়-অসময় নাই তোক কথা পাতিবলৈ পালে একো নালাগে নহয়; দেউতা আহিলে কি দিবি কচোন! সেই কথাটোকে সুধিবলৈকে অথনিৰে পৰা ৰৈ আছো। ইমান পৰে যে কথা পাতিলি; কিবা ভাল কথা পাতিলিনে কচোন। মাত্ৰ লোকৰ কথা। কাইলৈযে তেওঁ মোৰ কথাযে নক’ব তাৰ কি নিশ্চয়তা আছে? মাত্ৰ লোকৰ দোষ খুঁচৰা। দেউতা ঘৰলৈ আহি শুলে আৰু নুঠে কিন্তু চাবি, গোটেই ৰাতি উজাগৰে থাকি ভাগৱত পাঠ কৰিছে তেওঁ।”— মাকে অতপৰে চাইহে আছিল।

  —“আও, এই ছোৱালীজনীৰ মুখখন কিমান চলিছে চাচোন! এক্কেবাৰে পিহি পেলমা মাৰে, গম পোৱা নাই ৰ” বুলি মাটিৰ পৰা খৰি এডাল তুলি হাতত লৈ হাতেৰে ভঙা শুনিয়েই তৰা একেলৰে পদূলি মূৰ পালেগৈ আৰু মাকৰ পৰা দূৰত ৰৈ ভেঙুচালি কৰি ক’লে— “চা বৌটি চা, ‘দেখিব নোৱাৰি কৰিবি কি, আগতে থাকিম পথালি দি’।” নিৰুপায় হৈ হাতৰ খৰিচলা পেলাই দি মাকে পদূলিলৈ চাওঁতেই দেখিলে দেউতাকক সাৱটি ধৰি তৰা ভিতৰলৈ সোমাই আহিছে।

  —“কি দোষত ছোৱালীজনী মাৰিবলৈ খেদি ফুৰিছা তুমি?” শইকীয়াই সুধিলে।

  —“ফুকননী আইতাক পুৱাতে পালে নহয়, আৰু কি লাগিছে। তাকে কওঁতেহে...” তৰাই কিছু ভয়ে ভয়ে মাকলৈ চাই ক'লে। [ ১২ ]  মাকে মুখৰ ভিতৰতে ভোৰ্ ভোৰালে— ‘এই বাপেকটোৱেই লাই দি দি ছোৱালীজনীক নষ্ট কৰিলে।’

 —“কি হল? ইমান পৰেচোন গাটোকে ধোৱা নাই।”— শইকীয়াই ঘৈণীয়েকক উদ্দেশ্য কৰি ক’লে। শইকীয়ানী খৰধৰ কৰি বাঢ়নীটাৰ হাতত লৈ গোহালিত সোমাল।

 — “অ’ দেউতা, এইবাৰ আমাৰ গাঁৱৰ ভাওনাখন হোৱা-নোহোৱাৰ কিবা খেলিমেলি লাগিছে হেনো।” তৰাই সুধিলে।

 —“তইনো ক’ত গম পালি?”

 —“পদ্ম, ৰেৱতীহঁতে কৈছে। হয়নে দেউতা?”

 —“এঃ বিশেষ একো নহয়। এনেয়ে বু বু বা বা ওলায়। ভাওনা হ’ব। আজি সন্ধিয়া ফণী বৰা বাপৰ ঘৰত মেল আছে। তাতে সিদ্ধান্ত হ’ব। যা, এতিয়া চাহপানী এটোপ যতাগৈ আই, যা।”

 গোলোকো মেললৈকে বুলি জাননী দিবলৈ ওলাই আহিছিল। ডেকাচামৰ মাজত জাকত-জিলিকা ল’ৰা সি। বাটত সি শশীৰামক দেখিলে “বাঃ ‘লিক্‌ লিক্‌কৈ বামুণটি, টিক্ টিক্‌কৈ লৰ; দিখৌ মুখত দেখি আহিছো, দিচাংমুখত ঘৰ।” গোলোকে খৰ খোজেৰে গৈ শশীৰ কাষ পালে। শশীৰামে গোলোক কাষ পোৱা গমেই নাপালে। সি আপোনমনে বকি গৈছে – 'এইখিনিতে মাৰিলো টিপা, গড়গাঁও পালেগৈ শিপা’— আও, এনেকৈ যদি আমাৰ গাঁৱৰ ল’ৰা- ছোৱালীকেইটাই কথা এষাৰ মুকলিকৈ পাতিবই নোৱাৰো, কেনেকৈ হ’ব? আমি কেইটাতো বাই-ভাই। এইয়া নিশ্চয় বিজয়ৰে কাম হ’ব। সিদিনা নামঘৰত মেলত আৰু মুখখন দেখিয়ে বুজিছিলো, কিবা এটা ঘটং মটং কৰিব। ৰ ময়ো কম নহয়। মই 'লৰি যোৱা বাঘৰ আগদাঁত দেখা মানুহ’৷ ই বিজয়, ‘চৰাইটিহে সৰু, লয় হোলোং গছত বাহ’। সিদিনা নোৱাৰাত পৰি সিও আমাৰ লগত উজান দিছিল। পিছত আকৌ এই টাং বাং। বুঢ়াসকলৰ প্ৰিয়পাত্ৰ হ’বলৈ ‘সীতা সয়ম্বৰ’ পাত। ৰ ‘মাউখে উটিলে গুড়ি পৰুৱাৰো যে মৰণ নাই’ আজি সি দেখিবও, বুজিবও।”

 গোলোকে ইমান পৰ মনে মনে আহি থাকি মাত দিলে— “কি হ’ল অ’ শশীৰাম?” সি প্ৰথমে চক্ খাই উঠিল আৰু পাছত ডাং খাই উঠি বকলা মেলিলে। গোলোকে লৰালৰিকৈ তাক ৰখাই ক’লে— “ৰ ৰ, ইমান উতলা নহ’বি। আজি গধূলি ফণী বৰা বৰদেউতাৰ ঘৰত বহা মেললৈ যাবি। তাতে হেস্ত-নেস্ত হ’ব। [ ১৩ ] সকলো কথা খোলা-খুলিকৈ আলোচনা হ’ব বুজিছ।”

 — “হয় নেকি? বাৰু দে, যাম।” শশীৰামে শলাগিলে আৰু দুয়ো দুফালে গুচি গ’ল।

 সন্ধিয়া ফণী বৰাৰ ঘৰত মেল বহিল। উল্লেখযোগ্য সকলো গোট খালে। ফণী বৰা গাঁওখনৰ আটাইতকৈ বয়োজ্যেষ্ঠ লোক। তেওঁৰ কথা গাঁওখনৰ সকলোৱে মানে। বোলে 'দহো আঙুলিয়ে খায়, বুঢ়াই হেঁচুকিলেহে যায়’। আজিও তেনে এটা নিৰ্ণয় ওলাব বুলি সকলোৰে আশা। নাটকখনৰ নিৰ্বাচনক লৈহে ডেকা-বুঢ়া দুয়োটা ফৈদৰ মতভেদ। বুঢ়াসকলে পাতে ‘সীতা সয়ম্বৰ’ আৰু ডেকাচামে পাতে ‘দুঃশাসনৰ ৰক্তপান’। ফণী বৰাই ডেকাচামলৈ চাই সুধিলে— “কি হ’ল ল’ৰাহঁত, তোমালোকে বোলে আপত্তি কৰিছাহঁক। যোৱাবাৰ জানো এইখন নাটকে কৰি তোমালোকে প্ৰশংসা পোৱা নাছিলা? এইবাৰনো কি হ’ল?”

 —“অন্য কথা নাই বৰদেউতা।” ডেকাহঁতৰ মাজৰ এজনে ক’লে। “আমি দামী দামী ৰয়েল সাজবোৰ পিন্ধি চকীত বহি থাকিব নোখোজো। বৰদেউতা, আমি প্ৰৱেশ কৰিম, যুদ্ধ কৰিম, গাম, নাচিম। আমি এই গাঁৱৰ ল’ৰাহঁতনো কিহত কম? প্ৰয়োজনত আমিচোন আনক শিকাবও পাৰো। বৰদেউতা 'আমি নিজেই শকত, কেলৈ লাগিছে পৰৰ ভকত’।

 বৰাই উত্তৰ দিলে— “ল’ৰাহঁত, মই তোমালোকৰ আগ্ৰহ দেখি বৰ সন্তোষ পাইছো। ঠিক আছে, তোমালোকৰ তেন্তে ‘দুঃশাসনৰ ৰক্তপান’তহে মন? বাদে আন কথাত আপত্তি নাই?”

 —“নাই বৰদেউতা, নাই।” সকলোৱে একেমুখে ক’লে।

 ফণী বৰাই বুঢ়া-মেথা সকলৰ ফালে চাওঁতেই এজনে কৈ উঠিল—“আমিও তাতেই মত দিলো। ল’ৰাহঁতক এৰি আমিনো কি কৰিম?” সকলোৱে আনন্দেৰে হয়ভৰ দিলে।বদনে ভীমৰ বচন মাতিলেই—‘ভীম ভীম নকৰিবি, ভীমৰ আগত, হাড়-মূৰ ভাঙি দিম গদাৰ কোবত’। ইপিনে অতুলে বিলাপ জুৰিলে— “কৈক গৈলা, প্ৰাণ মোৰ, ভাই দুঃশাসন”, কোনোবাই আকৌ খোলৰ বাজনাই বজালে— “তই থাক মই যাওঁ, দিগিৰ দাও, দিগিৰ দাও।” সকলোৰে উলাহ-আনন্দ দেখি বৰাই ক'লে— “সকলোকে আনন্দিত দেখি বৰভাল পালো। কিন্তু আনন্দতে আকৌ উদ্ভণ্ডালি নকৰিবি। নহ’লে ভাওনা ভাঙি দিম।”

 — “নকৰো বৰদেউতা, আপুনি কেৱল আশীৰ্বাদ কৰিব।” সকলোৱে [ ১৪ ] ক’লে৷

 —“আশীৰ্বাদতো সদায়ে আছে বোপাহঁত, এনেদৰে মিলিজুলি থাক।”

 এইয়া বাৰগঞা নামঘৰ, বাৰজন বৈষ্ণৱে বৰ কষ্ট কৰি এই নামঘৰভাগ পাতিছিল। এতিয়া সকলোৰে সহায়-সহযোগিতা আৰু দান-বৰঙণিত ই ঠন ধৰি উঠিছে। প্ৰতিবছৰৰ দৰে এইবছৰো বুদ্ধ পূৰ্ণিমাত ভাওনা পতাৰ সিদ্ধান্ত লোৱা হৈছে। এয়া তাৰেই যো-জা।

 নামঘৰতযে ভাওনাৰ আখৰা চলি আছে, মালিতা আইতাই আজিহে গম পালে। সেয়ে কানি-মুনি পৰত খৰধৰকৈ আহি ভাওনাৰ আখৰা চাওঁ বুলি নামঘৰলৈ পোনাওতে বাটতে মদনক খুন্দা মাৰি দিলেহি৷ আকৌ ওলোটাই মদনকেহে বকিলে— “ধোণ্ডোলোকৰ গোট, আজিয়েই ফেনেকিলিহেঁতেন মোক।” মদনেও ভেকাহি মাৰি বুঢ়ীক কলে— “ইঃ নেফেনেকোঁ খহুৱাবান্দী, ঈশ্বৰে ৰাখিব তোক।”

 —“অ’ মোৰ সোণ, মোক তই খহুৱা বান্দী বুলিছ? বুজিছ মাকে, মই হেনো বুঢ়ী; উজুটিতে লৈ যাম ডেকা তিনিকুৰি।”— বুলি কঁকাল ভাঙি ভাঙি নাচিও দেখুৱালে।

 মদনে হাঁহি হাঁহি ক’লে— “পাকচোৱা, ইঃ একেবাৰে 'কাষতে কলচী লৈ, যায় অ’ ৰচকী বাই’।”

 মদনক গবা মাৰি ধৰি বুঢ়ীয়ে ক’লে— “বোপাই, আমাৰ নামঘৰত ভাওনা হ’ব বুলি শুনিছো। আখৰা চাবলৈহে আহিছিলো। আখৰা কেতিয়া হ’ব অ’।”

 —“অ’ আইতা, আখৰা আৰু নহয়, শেষ হ’ল। পৰহিলৈ বুদ্ধ পূৰ্ণিমা নহয়! সেইদিনা ভাওনাহে হ’ব। ইচ্ ৰাম, ব’ল আইতা, তোক মই অলপ আগবঢ়াই দিওঁ। কেনেবাকৈ পৰিব লাগিলে শেষ।”

 —“এৰা বোপাই, বল।”

 আজি বুদ্ধ পূৰ্ণিমা। ভাওনাৰ দিন। নামঘৰত ল’ৰা বুঢ়া, জীয়ৰী-বোৱাৰীৰে গিজ্ গিজাই আছে। বহিবলৈ ঠাই পাবও লাগে, ভাওনা চাবও লাগে আকৌ একেলগে বহিবও লাগে। আইতাহঁতলৈ চিন্তা নাই। আগত ঠাই ৰাখি থৈছে। ল’ৰাহঁতে। পদ্মা, ৰেৱতী, সৰুমাই, ভাৰতী আৰু তৰা একেলগে বহিছে। পদ্মা থকাৰ গতটো অলপ বেলেগ যেন দেখি ৰেৱতীয়ে মাত লগালে।

 — “কি হ’ল পদ্মা, তোৰচোন ‘বহো তাঁতৰ পাতত, চকু আলিবাটত’।” [ ১৫ ] পদ্মাই ক’লে—“ৰ মই দেউতাকহে চাই আছো। তহঁত কেইজনীৰ মাথোঁ এটা কথাই, ‘গেলা বৰালীৰ মনে গোন্ধাই’ বুজিছ।”

 —“কিবা থাকিলে ক’বি বুজিছ।” সৰুমায়ে ক’লে— “আমাক নকৈনো কাক ক’বি? কিন্তু ‘কথাৰ নাভাঙিবি থোৰ, আদখন তোৰ আদখন মোৰ’।”

 —“থ আৰু হৈছে হৈছে।” ৰেৱতীয়ে সৰুমাইক ক’লে— “তাইৰ হেনো বিয়াৰ কথা ওলাইছে।”

 সৰুমায়ে তপৰাই মাত লগালে—“সেইটোনো কি কথা? কাইলৈ তোৰো ওলাব। মোৰো ওলাব। কিন্তু সকলো মানি ল’বি নেকি? তই মই ‘দৰিৰ বান্দৰ নেকি যে মন গ’লেই নচুৱাব’।” পদ্মাইও লাহেকৈ ক’লে— “ৰ, তহঁতৰ লগত মোৰ নিমিলে, তহঁতৰ ককায়েৰহঁত আছে। মোৰতো কোনো নাই। তদুপৰি দেউতাৰ গাটোও আজিকালি ভালে নাথাকে। মোৰ কেতিয়াবা নিজকে বোজা হোৱা যেনহে লাগে।”

 — “তেনেহ’লে ‘মৌনং সন্মতি লক্ষণম্’।” তেনেহ’লে ঠেলি-হেঁচি বৃন্দা সোমাই আহিল। “তহঁতে হ’বলা কথাৰ মহলাহে মাৰিছ। চাচোন, গায়ন-বায়ন শেষ হ’ল। আৰিয়া ধৰিছে। সৌ অগ্নিগড় সাজু কৰিছে। সকলোৱে একমুখে ক’লে— “ইচ্ ৰাম, আমি মনেই কৰা নাছিলো।”

 সকলোৱে কথা পতা এৰি ভাওনা চোৱাত মন দিলে। তাৰ মাজতে সৰুমায়ে সুধিলে— “ঐ, সূত্ৰ কোন হৈছে জাননে?” বৃন্দাই ক’লে— “তই হ’বলা নাজনই, কিয়, মথুৰা খুড়া আকৌ।”

 —“অ’ ৰাম-কৃষ্ণ। সেইটো এটা কথা হ’ব পাৰে নেকি?”

 —“যা যা ‘গোন্ধাইছে গা, তেহেলেকে যা; উখহিছে পেটটো, মৃদংটোকে বা’।”

 সৰুমায়ে ক’লে— “তেনেকৈ যে কৈছ, কাক দিব কচোন।”

 বৃন্দাই মাত দিলে— “কিয়, মদন কাইটিকে দিব পাৰিলেহেঁতেন। মদন কাইটিৰ কি নাই? কি নাজানে কচোন।”

 এইবাৰ আটাইকেইজনীয়ে সমানে চিঞৰিলে— “এ এইজনীৰ কথা বেলেগ, একেবাৰে ‘ভেকুৰী তলত’।” চম্পাই চিঞৰি উঠিল— “এই তহঁতে ভাওনা চাবলৈ আহিছ নে চুপতি মাৰিবলৈ আহিছ।” আটায়ে চুপ হ’ল। ইফালে বচন মতাই বচন মাতিছে, নচাই নাচিছে। মুঠতে ভাওনাখন ভাল হৈছে। গোবিন্দ [ ১৬ ] খুড়া দুঃশাসন, ৰক্তপানৰ সময়ত সাবিত্ৰী খুড়ীয়ে ওৰণিখন দীঘলাই দিলে। আইতাহঁতে জোৰ কৰি বাধা দিছিল। কিন্তু জোৰ কৰিলেই হ’বনে, নিজৰ মানুহটো নহয় জানো।

 নিৰ্দিষ্ট সময়তেই ভাওনা শেষ হ’ল। আইতাহঁতে ছোৱালীহঁতক তেওঁলোকে দেখাকৈ একেঠাইতে ৰৈ থাকিবলৈ কৈছে। ছোৱালীজাক লগ হ’ল। কিন্তু ভাৰতীজনী চোন নাই। তাইৰ কাৰণেহে বেলি হৈছে। পদ্মাই সুধিলে— “ক’লৈ গ’ল অ’ তাই?” ৰেৱতীয়ে ভেকাহি মাৰি ক’লে— “এইজনী, কিমাননো একেটা কথাকে সুধি আছ। মদন ককাইটিৰ ড্ৰেচ খোলোতে বেলি নালাগিব জানো।”

 পদ্মা থৰ লাগিল। বুকুখন যেন খুন্দামাৰি ধৰিলে। মনতে ভাবিলে— ‘আ’ বাজিব লাগিছিল টেমী কটাৰী, বাজিছে হাঁচতি। এতিয়াহে বুজিলোঁ— “লোককে দেখুৱাই কেটেৰাই মাতিবা, ভিতৰি নেৰিবা বেথা’। মুখ ফুটাই তাই ৰেৱতীহঁতক ক’লে— “আমাৰ ৰৈ থকাৰ দৰকাৰ নাই। ব’ল ব’ল, তাইক মদন কাইটিয়ে থ’বগৈ।” লাহে লাহে সিহঁত আইতাহঁতৰ লগ লাগিলগৈ।

 দুদিনৰ পিছত চাংকাকতী আইতাই মনত পেলালে, ফুকনৰ ঘৰৰ বিয়াখন পালেহিয়েই চোন। কেলেণ্ডাৰখন চাই মনতে গুণিলে— ‘আজিচোন আহিনৰ ১০ দিন গ’লেই। মাজত মাত্ৰ দুদিনহে আছে। আজি এপাক যাব লাগিব। আমি বয়সীয়া কেইগৰাকী লগ হৈ জোৰোণতে গৈ আহিম। হাতত কিবা এটা নিবও লাগিব। কি দিম! কোনে আনি দিব! যাঃ, পইচা কেইটামানকে দি দিম। কোলাই- বোকোচাই লৈ ডাঙৰ কৰা ছোৱালী নহয় জানো। এই মহিমাকে পঠিয়াই সকলোকে খবৰটো দিয়াম। আটায়ে লগ হৈ যাম।’

 জোৰোণৰ দিনা কেউগৰাকী লগ হৈ লাহে লাহে খোজ ল’লে। বিয়াঘৰ পাই দেখিলে ৰভাতলী ধুনীয়াকৈ সজাই-পৰাই ৰাখিছে। জোৰোণ এতিয়াও পোৱাহি নাই। খালি চকীকেইখনমান দেখি আটাইকেইগৰাকী বহি পৰিল। গৃহস্থক লগ পোৱাই নাই। অলপ ভাগৰ ধৰিলত, কলিতানীয়ে ক’লে— “বাইদেউ, কিমান দিনৰ মূৰত বাৰু আমি এনেকৈ লগ হৈছো মনত পৰিছেনে?”

 —“কি কৰিম, বোলে ‘লাজত নবও ভাৰ, জোলোঙাই ছিঙে কামিহাড়’। অকলে ওলাব নোৱাৰা হ’লো, কিন্তু মনতযে কিমান খোজকাঢ়ো, তাৰ সীমা- সংখ্যা নাই। গাঁওখনৰ খবৰবোৰ আজিকালি নাপাৱেই। তোমালোকে চাগৈ জানা অলপ-অচৰপ।” [ ১৭ ]  দাসনীয়ে ক’লে— “বিনন্দৰ ঘৰতযে চোৰ সোমাল গম পায়নে? বহুত বস্তু নিলে বুলি শুনিছো।”

 সকলো আচৰিত হৈ পৰিল। সুধিলে— “অ’ কিয়, তাহাঁতৰ ঘৰতচোন চৌব্বিছ ঘন্টাই মানুহ গিজগিজাই থাকে। আগফালে সেইখন মস্ত গেট।”

 — “ই, থাকিলে কি হ’ব?” দাসনীয়ে ক’লে। ‘আগফালে মাৰো ডাং, পিছফালে ধোপাং-পাং’। “আঁৰ বাৰীৰ দুটা বাঁহ, তাৰ বাৰীৰ দুটা ঢকুৱা পাত দিহে পিছফালখন বেৰা। সেইফালেই সোমাল আকৌ। ‘আগফালে বৰ চুৰীয়া ফেৰ, পিছফালে ঢকুৱাৰ বেৰ’।” পিছে তহঁতে কচোন— “ভগৱানে সিহঁতক অঞ্জলো দিছেচোন।”

 — “দিলে কি হ’ব? বোলে ‘আৰ ছিগা চুলি, তাৰ ছিগা চুলি, মাৰি যাওঁ নেঘেৰি খোপা’। আমাৰ পাছফালৰ বাঁহ-কাঠযে কিমান নিছে, তাৰ লেখ-জোখ নাই। কি জানে 'নক’লে আয়ে চৰুতে খায়, ক’লেও বোপায়ে ধৰি কিলায়’।” আটাইকেইগৰাকী হাঁহি উঠিল। “আও, এইজনীৰ কথা শুনা।” তেনেতে ফুকননী ভিতৰৰ পৰা ওলাই আহি কেউগৰাকীকে দেখি এমুখ হাঁহিৰে আলহ-উদৰ কৰি আদৰি নিলে আৰু ভিতৰত চাহ-জলপান খুৱাই ৰভাতলীত বহুৱাই থৈ কৈ গ’ল— “জোৰোণ নোচোৱাকৈ নাযাব দেই।”

 — “নাই নাই, নাযাওঁ। আপুনি যাওক, কামত লাগকগৈ।”

 তেনেতে কলিতানী বিয়াঘৰলৈ আহি এগৰাকীক সাৱট মাৰি ধৰিলেহি। চাংকাকতী আইতাই ক’লে— “এইগৰাকীলৈ চোৱা, বোলো ‘তোমাৰে মৰমত মৰো, খলিহা মাছৰ দুচহা খাই, মাজৰ চহা তোমালৈ এৰো’।” কলিতানীয়ে চিঞৰ মাৰি ক’লে— “ৰব ৰ’ব, আহিমগৈ, পদূলিলৈ বোলে যাব লাগে, জোৰোণ পাইছেহিয়েই।”

 “অ’ যোৱা যোৱা আই”— কৈ আটইকেইগৰাকী আকৌ নিজৰ কথাত মত্ত হ’ল।

 জোৰোণ আহিল। কইনা উলিয়ালে। আইতাহঁতে বহি থকাৰ পৰাই জোৰোণৰ বয়-বস্তু আৰু পৰিধান পৰ্ব চালে। তাৰপাছত জোৰোণ গ’ল। কেউগৰাকী আইতাই হিয়া উবুৰিয়াই কইনাক আশীৰ্বাদ দিলে। তেনেতে কলিতানীয়ে সুধিলে-—“আইতা, আমাৰ কইনাক কেনে দেখিলে?”

 —“ভাল লাগিছে আকৌ। বোলে ‘ওৰণিয়ে-বাৰণিয়ে দেখিবলৈ ভাল, [ ১৮ ] ওৰণি গুচাই দিলে ওফোন্দা গাল’। আৰু এটা কথা, তাইতো ধুনীয়াই, মানুহে কথাতে কয় ‘গাভৰু কালত বান্দৰো সেন্দোৱা হয়’।

 — “মনে মনে কওক আইতা, বায়েক ওচৰতে আছে, শুনিব।”

 “আমি জানো বেয়া কৈছো।” চাংকাকতীয়নীয়ে ক’লে— “ভালটোহে কৈছো। অ’ ৰ’বাচোন, দৰাটো দেখিছানে?”

 —“অ’ দেখিছো আইতা। একেবাৰে ‘পাতকটা দাৰৰ নিচিনা’, ওখ-পাখ।”

 — “হ’ব হ’ব। পুৰুষৰনো কি ভাল-বেয়া! ভোমোৰা জাতি।”

 এনেদৰে কথা পাতি অলপ পৰ যোৱাৰ পিছত আইতাহঁত কইনাৰ মাকক মাত লগাই যাবলৈ ওলাল। “ব’লক বাইদেউ, ‘বেলিয়ে আটে মানে, কাঁচিয়ে কাটে মানে’।”

 ফুকননীয়েও সুৰ মিলালে— “এৰা, ব’লা বহু বেলি হ’ল।”

 কেউগৰাকী আহি থাকোতে বাটতে মোহনে পাই সুধিলে— “আচৰিত! আইতা, বৰমা, খুৰীদউে একেলগে! ক’ৰ পৰা? দেখিয়েই মোৰ ভাল লাগিছে।” ফুকননীয়ে ক’লে— “বোপাই, ফুকনৰ ছোৱালীৰ জোৰোণ আছিল নহয়, আজি তাৰপৰাহে আহিছো। তয়ো তালৈকে যাৱ নেকি?”

 — “মোক নাই মতা চোন আইতা। বোলে ‘ওচৰৰ আলহী নকৰে কাণ, নৰীয়াত পৰিলে চাবলৈ টান’।”

 —“ৰচোন, বিয়া-বাৰুবোৰত খেলিমেলি হয়েই। তোক নাপাহৰে। কিয়নো পাহৰিব? বোলে ‘ওলায়ে দেখিবা যাক, শত্ৰু নাভাবিবা তাক’।”

 —“নহয় আইতা, আজি কিছুদিনৰ পৰা তেওঁলোকৰ ধৰণ-কৰণ অলপ সলনি হৈছে। তাতে এতিয়া ল’ৰাহঁত অলপ গজগজীয়াও হ’ল নহয়। মানুহে কথাতে নকয় জানো ‘পৃথিৱী চাৰিওপিনে পৰা, ক’ত সাৰিবি নেগুৰ খৰা’। বিপদে-আপদে আমিহে আগতে পাওঁ। বোলে আঁকৰিক ‘নকৰিবি হেলা, আঁকৰীয়েহে পায় বা-বৰষুণৰ বেলা’। কিয় আইতা, মোক মাতিব লাগে নেকি? মই নিজেই যাম, হয়নে নহয়?”

 — “হয়তো আকৌ, নিজেই যাবি।” সি গলৈগৈ।

 দাসনীয়ে ক’লে— “বাঃ ই একেবাৰে ‘নাই বুলিলেও নেৰে, কুঁহিয়াৰ পেৰাদি পেৰে’। বাৰু ব’লক আইহঁত, ইয়াৰ আৰু ‘আহক বাৰিষা কাটক পাত, ৰৈ যা ভিনিহি, খাই যা ভাত’।” [ ১৯ ]  —“এৰা ব’লক।”

 অলপ দূৰ আহি হাজৰিকানী আইতা থমকি ৰল। সকলোৱে তেওঁলৈ চালে, কি হ’ল।

 —- “ৰব ৰ’ব আইসকল। ‘উত্তম কৰিলা হৰি নাৰায়ণ’। সকলোৱে চোৱা চুই কৰিলে।—“কি হল?”

 —“কি হ’ব আৰু আইসকল, বোলো 'ওলট বিয়নী, পিঠিত কুঁজ’। মোৰ বেগটো তাতে বিয়াঘৰতে ক’ৰবাত এৰি থৈ আহিলো। কেনেকৈ ওভতো আকৌ।”

 —“নালাগে আইতা।” কলিতানীয়ে কলে— “মই বেগেৰে গৈ চাই আহোগৈ আপোনালোক গৈ থাকক।”

 —- “বিচাৰি নাপালে হ’লে ৰৈ নাথাকিব।”

 — “ঠিক আছে বাৰু।” কলিতানী বেগেৰে বিয়া ঘৰৰফালে খোজ ল’লে।

 ভঁৰালীয়ে ক’লে— “বিয়ৈ সবাহলৈ গ’লানে নগ’লা, কল নাপালা।”

 সকলোৱে একেমুখে ক’লে— “অ’ ভাল হ’ল এতিয়াহে। বিয়াৰ জলপান খোৱাৰ পিছতনো কি থাকিল?”

 — “তামোলৰ লগৰ বগা অকণ যে..?”

 — “উঃ ৰাম ‘ঘাইশাক মৰলীয়া’। নেপালে ভালহে হ’ল বুজিছে, সেয়া পালেতো খায়েই মূৰটো বেয়া লাগক, কিয় লাগে বাইদেউ ন?”

 —“এৰাদেউ, ‘অভ্যাসৰ নৰ, কৰ্ণপথে কৰে শৰ’।”

 —“অ’ আইতা, আমিচোন আপোনাৰ ঘৰেই পালোহি।”

 — “নগাৰ চাং তলেই বাট, ক’ত সাৰিব।” চাংকাকতী আইতাই ক’লে— “ব’লক ব’লক, আটায়ে ভৰিকেইটা পোনাই লওকহি, বেলিও ভালেখিনি আছে।” আটাইকে চাংকাকতীয়নীয়ে ভিতৰলৈ লৈ গ’ল।

 ইফালে-সিফালে চাই বৰুৱানীয়ে ক’লে— “বাইদেউ, আপোনাক কিন্তু লগ এটা লাগে দেই। ইমান ডাঙৰ ঘৰ বাৰী। বাবাক ইয়ালৈকেনো আহিবলৈ নকয় কিয়?”

 চাংকাকতীয়নীয়ে ক’লে— “এ ৰ’ব, বোলো ‘আদাক দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খা’ৰ দৰেহে হৈছে। ল’ৰাই গুৱাহাটীতে ফ্লেট এটা কিনিলে। তাতে মিস্ত্ৰী লগাই আছে। তাৰোপৰি স্কুল, টিউচন এইবোৰ কৰি তাৰ [ ২০ ] আজৰি ক’ত? মই এইখন ঘৰো এৰিব নোৱাৰো, তাতো একো কৰিব নোৱাৰো। ফোনৰ উপৰি ফোন। কি কৰিব? বোলে ‘বাঁহৰ এফাল, মানুহৰ একাল’। মানুহ এজনী বিচাৰি আছে, পালেই লৈ আহিব। বোলে ‘ৰামলৈ চালেও মৰো, বালীলৈ সালেও মৰো’ বুজিছ !”

 গগৈয়নীয়ে ক’লে— “মোৰটো শুনকচোন।”

 — “অ’ আপোনাৰো আছে নেকি? কওকচোন।”

 —“ল’ৰা নাইকিয়াৰ ল’ৰা হ’ল, নাম থ’লো গোপাল; চাব খুজিলেও মুখ নাই, হায় মোৰ কপাল’। পিছে ছোৱালী দুজনী লগত আছে। তাহাঁতক উলিয়াই দিলে ঘৰ চাপিবি বুলিছো। পিছে সি থাকে দূৰৈত। আহে কেনেকৈ? সংসাৰখনো তাৰ পাতিবলৈ আছে।”

 —“মোৰ আকৌ এনেকুৱাহে”, শইকীয়ানীয়ে ক’লে— “মোৰ পো লোকৰ ল’ৰা, ভাত দিওঁতেহে আই বোলা’। মাটি এটুকুৰা বেচিবলৈ দেউতাকক খাটি আছে, তাৰো ফ্লেট এটা কিনাৰ মন দেই। দেউতাকেহে কি কৰে নাজানো। বোৱাৰী একেবাৰে আ ঘৈণী, অ ঘৈণী হ’ল। ‘দুপৰীয়া বগালে চাং, তামোল নেখাতিয়ে তামোল খালে, কোৱাৰিয়ে বোৱালে ৰাং’ হ’লেও এতিয়া মোৰ নাতিটো আছে। সি বুজনো হৈছে। বিপদতনো সিহঁত কিয় নাহিব। তাৰ ভালেই মোৰ ভাল। আমাৰ এটাই আশা, সকলোৰে ভাল হওক।”

 দাসনীয়ে দুখেৰে ক’লে— “বাইদেউ মোৰ সমান দুখ আপোনালোকৰ নহয়। মই গমেই নাপালো, সি ছোৱালী পলুৱাই আনিলে। পিছতহে আৰ তাৰ মুখে গম পাই চপাই আনিলোঁ। এতিয়া এনেহে হৈছে ‘যমে নাজানে একোটি পো, কমাৰে নাজানে দুখীয়াৰ লো’। বোৱাৰীৰ ইয়ালৈ অহাৰ বৰ এটা মন নাই বুলি উমান পাইছো। ল’ৰাৰ কথাও হেনো বৰকৈ নামানে। শুনিছো বোলে ‘মাতিব নোৱাৰে খুনী, বুলিব নোৱাৰে খুনী, খুনীয়ে কথা কয় পদুলিলৈকে শুনি’। বৰ কৰ্কশ মাত কথা। মই মাজত সোমাবৰ মন কৰা নাই। ল’ৰাই নিজৰ পচন্দমতে আনিছে, আহ বুলি মাতিবলৈও মন নাযায়। মানুহে কয় ‘ঘৰেপতি ঘৈণী, খালেপতি যখিনী’।” কিছুপৰ কাৰো মুখত মাত নাই, তাৰপিছত সকলোৱে নেদেখাজনৰ প্ৰতি হাতযোৰ কৰি ক’লে— “লখিমী হওক সকলোৰে বোৱাৰী। আমি আৰু একো নিবিচাৰো।”

 তেনেতে চাংকাকতী আইতাই চাহ অকণ কৰি অনা দেখি শইকীয়ানীয়ে [ ২১ ] থাপ মাৰি ধৰি ক’লে— “ইচ্ ৰাম বাইদেউ, আমি জানো বিয়া খাই অহা নাই? পেট ভৰাই খোৱাৰ পিছত চাহৰ প্ৰয়োজন নাই নহয়। থওক থওক, মই ভগাই দিম সকলোকে।”

 —“এৰা আইসকল, ‘নগা নিৰ্মালি ল, বোলো হোৰাতে থ’। হাতে হাতেহে দিছোঁ দেই।”

 —“একো নহয় আই, আমিহে। মাটিতে দিলেও জানো বেয়া পাম?”

 সকলোৱে চাহ খাব ধৰিলে। চাহ খাই থাকোতে বৰানীয়ে ক'লে— সকলোৰে শুনিলে যেতিয়া মোৰটোও শুনক। মোৰ বোৱাৰীৰ কথা কিন্তু মানিবই লাগিব। একেবাৰে ওলোটা। নীতি-নিয়ম, কথা-বতৰা, সাজ-পোছাক মই নিবিচৰাটো একেবাৰেই নকৰে। কেতিয়াবা মই ঢিলাই দিলেও তাই কয় নহয় মা, আপুনি ভালপোৱাৰ দৰেই মইনো কিয় কৰিব নোৱাৰিম।”

 “মাছে গৰকা পাচলি খাবা, শাহুৱে গৰকা বোৱাৰী বাবা।” বৰুৱানীৰ কথা শেষ হওঁতেই দাসনীয়ে ক'লে— “হ’লেও সকলোৱে জানো সেইটো কৰে? নামানো বুলিয়েই নামানে। বোলে ‘যাক নোৱাৰিলে শিয়ালৰ শিক্ষে, তাক কি কৰিব ধদুৱাৰ কিলে?’ আজিকালি ভাল আদৰ্শ দেখুওৱা পিত-মাতৃৰো সন্তান বিপথে যায়, চাবচোন।”

 কথা-বতৰা পাতি ভালেমান সময় পাৰ হোৱাৰ পিছত চাংকাকতীয়নীয়ে ক'লে— “ইমানবোৰ কথা আজি জানিলো, একেলগে এইকণ বহিলো বুলিহে। পিছে কথা এটা দেই। ‘বোলে কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ’ আজি আমি আটায়ে সুখ-দুখৰ বহুত কথা পাতিলো। এতিয়া কথা এটা উলিয়াব খোজো। আমাৰ গাঁৱৰ ল’ৰা-ছোৱালীবোৰ বিপথে যাব ধৰা যেন লাগে। আপোনালোকে মোতকৈ বেছিকৈহে জানে। ডাঙৰলৈ শ্ৰদ্ধা ভক্তি কমি গৈছে যে, আমাৰ গাতো দোষ একেবাৰে নথকা নহয়। আমি নীতি-নিয়ম ৰাখিবলৈ যদি চিন্তা নকৰো সিহঁতে কি দেখিব কি শিকিব? আমিতো অচল হৈ যোৱা নাই। সেয়ে ভাবিছো বুজিছে ময়েই সকলোতকৈ ডাঙৰ। মই পাৰিলে বাৰু আপোনালোকও কিবা এটা কৰিব নোৱাৰিবনে?”

 সকলোৱে কলে— “পাৰিম পাৰিম। কওকচোন।”

 —- “তেতিয়াহ’লে আমি দুদিনমান পিচত সুবিধা বুজি লগ হওঁ আৰু আলোচনা কৰোচোন, কিজানি ‘কণাৰ ফৰ্মুটি লাগেই’। বুজিছা ‘আছে গৰু নাবায় [ ২২ ] হাল, হোৱাতকৈ নোহোৱাই ভাল’। সেয়ে চাওচোন কামত লাগি। বুইছে আইসকল ‘মন কৰিলেই চন, বাকৰি মাটিতে ধন’।”

 সকলোৱে কোনোবা এটা দিনত লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে উঠিল।

 ভোগৰাম তামুলী বৰ্তমান নামঘৰভাগৰ বৰমূৰীয়া হিচাপেই আছে। নামঘৰৰ ওচৰতে ঘৰ। ভাদ মাহৰ ওচৰ চাপিছে। তিথি কেইভাগৰ দান-বৰঙণিৰ আলোচনা কৰিবলৈ আজি নামঘৰৰ ৰাইজ গোট খাব। যোৱাবাৰ আকৌ কেইজনমান ওফাইদাং মানুহৰ কাৰণেই কথা-বাৰ্তাও আউল লাগিল। আজি সকলো মানুহ গোট খোৱাৰ পিছত কন্দৰ্প ভাগৱতীয়ে আৰম্ভ কৰিলে— “ৰাইজ, যোৱাবাৰ আলোচনা আধাতে সামৰিবলগীয়া হোৱা বাবে আমি দুখ পোৱাই নহয়, লাজো পাইছো। আজি মই হাতযোৰ কৰি নিবেদন কৰো, যাতে যোৱাবাৰৰ দৰে নহয়। বোলে ‘মূৰ্খে মূৰ্খে তৰ্ক কৰে বাঢ়ে মাথোঁ হাই; ভালে ভালে তৰ্ক কৰে নিৰ্ণয় ওলায়’।”

 তেনেতে সৰুকণক আহি থকা দেখি নগেনে ক’লে— “খুৰা, সৌটো সৰুকণ আহিছেই।” সৰুকণে মাত লগালে— “তেন্তে কি আজি নামঘৰত আটাইমখা মূৰ্খহে আছো নেকি?”

 মুৰুলীয়ে ক'লে— “কিয় তেনেকৈ কৈছ? খুৰাই এটা দৃষ্টান্তহে দিছে। বুজিছ, ‘পৰিলেই কাঁহীখন বাজে, মাতিলেই দ্বন্দ্বখন লাগে’। এখন কাণেৰে শুনিবি, এখন কাণেৰে উলিয়াবি। যোৱাবাৰৰ কথা মনত পেলাচোন, পাহৰি নাযাবি। ‘ৰৌ-বৰালি জপিয়াই সাৰিব, পুঠি-খলিহণাহে জালত পৰিব’।”

 “এৰা।”— বুঢ়াসকলেও কথাটো হয়-ভৰ দিলে।

 আলোচনা শেষ হোৱাৰ পাছত সকলো ঘৰাঘৰি গ’লগৈ। কেইগৰাকীমান গাভৰু বোৱাৰীৰ সাহতে দুগৰাকীমান আইতা বহি থাকিল। ধনেশ্বৰী বুঢ়ীয়ে সুধিলে— “মদনৰ মাক, ধনবৰ সোণোৱাল নাহিলচোন মেললৈ। যোৱাবাৰৰ কথাকে ধৰি আছে নেকি?”

 মদনৰ মাকে ক'লে— “হ’বও পাৰে। বোলে ‘গপত মৰিলে গজহস্তী, আঁজোৰত মৰিল ডোম, শ খাওঁতে শগুণ মৰিল, ফোঁপাই মৰিল গোম’। সেইজনে জানো নাও বুৰি তল পালেগৈও টিঙৰ পৰা নামে?’ খোজে-কাটলে, কথনে-মথনে মোৰ দেখোতেই মনে গোন্ধায়।”

 —“আইতা ‘দেখোতেই চিতল, পিঠিতহে কাইট’। এতিয়া কথা আৰু [ ২৩ ] বেলেগ হ’ল নহয়। আৰু এগৰাকী আনি সুমুৱালেহি।”

 “অ’ হয় নেকি।”—বৃন্দা খুৰীয়ে ক’লে—“সেইকাৰণেহে হ’বলা ‘উৰহৰ খং ভগা ঢাৰিত মাৰে’। তেনেহ’লে ‘পালেহি চ’ত, ধান বম ক’ত?’ ঘৰৰ চালত কাউৰী নপৰা হ’ল। আমাৰ এখেতে দোকান বন্ধ কৰি ঘৰলৈ আহোঁতে সদায় কাজিয়া শুনিহে আহে।”

 “আমাৰেই ভাল।” সাবিত্ৰীয়ে ক'লে—

 “এটিৰ পৈ লোদোৰ-পোদোৰ, দুটিৰ পৈ গাঁতৰ এন্দুৰ।
 তিনিটিৰ পৈয়ে নাপায় ভাত, চাৰিটিৰ পৈ মূৰত হাত।”

 উপস্থিত সকলোৰে হাঁহিত যেন নামঘৰ উৰিহে যাব। সকলোৱে আকৌ ক’বলৈ হাঁহি হাঁহি অনুৰোধ কৰিলে। মালতী আইতাই ধমক দি ক’লে— “ইস্ চোৱা। ‘ধিনদাও বুলিবহে লাগে একেবাৰে থাপনাৰ ওচৰ পায়গৈ।”

 বৃন্দাই ক’লে— “ধনবৰ ৰাতিপুৱাই হাল লৈ পথাৰ পায়গৈ। সৰুৰাণী নুঠেই। অমৃতা উঠি বাহীবন কৰি গা-পা ধুই জলপান লৈ পথাৰ পায়গৈ। ঘৰলৈ আহি আকৌ তাইহে কথা শুনে। তেওঁ বোলে ‘নাকতকৈ নহাত চ’ৰা’। শুনিছো বোলে ‘একেকাঠি শৰেৰে সাত হৰিণ মাৰিলো, লোকক নক’লো লাজে; ছমাহ খাপ দি নিগনি এটা মাৰিলোঁ, তাতে ধনঞ্জয় ঢোল বাজে’।”— সকলোৱে ফঁকৰাটো নুবুজিলেও হাঁহিলে।

 গায়ননী আইতাই মাত লগালে— “মইযে বহুদিনৰ পৰা নামঘৰত শৰাই এভাগ দিওঁ বুলিও দিব পৰা নাই। বুজিছেনে, এই ল’ৰাটো নোহোৱাৰ পৰা মাহ- প্ৰসাদহে নেলাগে, তামোল-পাণ এটাও যোগাই দিয়া মানুহ এটা নাই। মোৰ একেবাৰে হাত ছিঙিল।”

 “ঔ আই...।” মদনৰ মাকে ক’লে— “কিনো কয় বাইদেউ? আপোনাৰ কাষৰে নৰেনেচোন সদায়েই বজাৰলৈ গৈ তামোল-পাণ বেচিয়েই আছে। তাকে ক’বচোন।”

 তৰালীয়ে থাপ মাৰি কথাৰ মাজতে ধৰিলে— “অ’ ৰাম কৃষ্ণ। সেইখনো এখন মহাভাৰত। বুজিছেনে আইতা, বোলে ‘তোমাৰ বাৰীৰ বাঁহগাজ, তাৰে কৰিলো খৰিছা; তোমাতে সলাই ধানডোণ লওঁ, কথাটি মন কৰিছা।”

 —“কিনো ক’লা বুজাই কোৱা আই।” ধনেশ্বৰী আইতাই ক’লে— “এনেয়েও মই কাণেৰে কম শুনো।” [ ২৪ ]  —“অ' বিপিনৰ বাৰীখন কিমান ডাঙৰ দেখিছেই নহয়। ইমূৰ-সিমূৰ নেদেখি। নৰেনে আধাৰাতিতে উঠি বিপিনৰ বাৰীৰ তামোল-পাণ, নেমু পাৰি আনে আৰু সেইবোৰ বজাৰলৈ নি বেচে। কোনে জানো বিপিনক এদিন লগাই দিলে কথাটো এনে ৰাম-পিটন দিলে ঔ। তাৰ আগদাঁত দুটাও সৰি গ’ল মাৰৰ কোবত।”

 গায়ননী আইতাই ক’লে— “নালাগে দেও ‘এনেয়েও আছো ঋষিৰ শাপত, তাতে আকৌ দিছা ধানৰ ভাপত’। এৰাদেও আমাৰ গাঁৱৰ নীতি- নিয়মবোৰ বৰ অধঃপতনে গৈছে। আমি ভাবিনো কি কৰিম? বোলে ‘ফাট দিয়া বসুমতী পাতালে লুকাওঁ’। ধৰ্ম-কৰ্ম বুলি কথা নাইকিয়া হ’ল গাঁওখনত৷ ‘জোৰ ৰ, মুলুক তাৰ’।”

 “অ’ আইতা”— ৰত্না খুৰীয়ে মাত দিলে— “ঘৰলৈ নাযাৱ নেকি? থাকিতো ভালেই লাগিছে, পিছে ‘ফটা কঁথা তিতে মানে গালৈহে গধুৰ।”

 “নক’বা আৰু আই”— গায়ননীয়ে ক’লে— “উঠো আৰু। অ’ মদনৰ মাক, কালিলৈ আগবেলাতে মাখনীৰ তাৰ পৰা আহিম, ওলাব পাৰিবানে?”

 “পাৰিম, ৰ’দ চোকা নৌহওঁতেই ওলাব।” — মদনৰ মাকে ক’লে।

 “হ’ব হ’ব।” লাহে লাহে আটাইকেইগৰাকী উঠিল।

 মাখনীৰ ঘৰ, মাখনীৰ বোৱাৰী ৰমলা নতুনকৈ বিয়া হৈ আহিছে। দোক্ মোকালিতে সাৰ পালে। কোনেও গম নোপোৱাকৈ দুৱাৰখন খুলি বাঢ়নি টাৰ লৈ পদূলিমুখ পালেগৈ আৰু সৰাত লাগিল। তেনেতে ওচৰৰে তামুলী বৰমা আৰু বৰদেউতা অহা দেখি ওৰণীখন টানি কাষলৈ গ'ল।

 “আই অ’ উঠিলানে?”— তামুলীয়নী সুধিলে।

 —“অ’ বৰমা, উঠিলো।”

 —“শাহুৱেৰা উঠিলনে নাই?”

 —“অ’ মা নাই উঠা।”

 —“এৰা আই, ‘কৰোতা থাকিলে কৰে কোনে? মৰোতা থাকিলে মাৰে কোনে’।” কৈ কৈ তেওঁলোক গ’লগৈ। ৰমলাই যেন নতুনকৈ বুজি পালে। কথাটো সঁচা। বোলো, ‘ন-তে ন-অঁৰা, পুৰণি হ’লে ছ-অঁৰা’ মইনো অহা কেইদিন হ’ল? পদূলিমুখ সাৰিবলৈ লগালেই। সেই কাৰণেহে ককাই কৈছিল— অ’ ছোৱালী শুন, ‘টেকী স্বৰ্গলৈ গ’লেও ধান বানিবই লাগিব’। সঁচা কথা। যাঃ, মইতো ‘নাও নহয় বুৰি যাবলৈ’। বৌটিয়েও কৈছিল, আই অ’, ‘বাঁহৰ এফাল, [ ২৫ ] মানুহৰ একাল’। সেইবোৰ তেতিয়া নুবুজিলো। সকলোৰে যদি একাল হয় মোৰো একালেই হ’ব। তাইৰ মনটো ভাল লাগি গ’ল। চোতাল সাৰি পোনে পোনে তাই গা-ধুবলৈ গ’ল। গা-ধুই আহি পাকঘৰত সোমায়েই তাই মনটো অধিক ফৰকাল হ’ল। দুই গৰাকী জা, চাহ-ভাতত পূৰাদমে লাগি গৈছে। স্কুল-অফিচৰ সময় হ’ব নহয়। ৰমলাক দেখিয়ে এজনী জাকে তাইক চাহ অকণ খাবলৈ দি পাচলি কুটাত লগাই দিলে।

 তেনেতে বাহিৰত শুনা পালে জোনাকী পেহীৰ মাত। —“বৌ ‘ৰূপেনো কি কৰিব, গুণেহে সংসাৰ তৰিব’। পিছে বৌ আপোনাক কোৱা নাই দেই। আপুনি জগত জননী, পতিত পাৱনী, স্বামী-পুত্ৰ-বোৱাৰীৰে ভৰপূৰ— সকলোৱে কয়।”

 জোনাকী পেহীয়ে বাহিৰত মাখনীৰ লগত কথা পাতিছে। তেওঁ ক’লে— “জোনাকী, আশীৰ্বাদ কৰিবা আই, যেন সদায় এনেকৈয়ে দিন পাৰ হয়। লোকে কয় ‘মাউখে উটিলে গুৰি পৰুৱাৰো মৰণ নাই’।” তেনেতে ৰমলাই লুচি-চাহ লৈ আহিল। দেখিয়েই জোনাকীয়ে ক’লে—“অ’ থোৱা থোৱা আই, মই আকৌ বৌৰ লগত সুখ-দুখৰ কথা পাতিম বুলিহে আহিছো। ৰাতিপুৱাতে আমনি কৰিলোহি, বেয়া নাপাবা।”

 — “কিয় বেয়া পাম পেহী? আমাৰ মায়েও লগ পালে কেতিয়াবা সময়ৰ কথা পাহৰিয়েই যায়।” ৰমলাই কৈ আঁৰ চকুৰে শাহুৱেকলৈ চালে।

 — “বৌ আপুনি কিন্তু তিনিওজনী লখিমী বোৱাৰী পালে দেই, সকলোৰে মুখে মুখে। পিছে ফুৰিবলৈ পঠিয়াইছেনে নাই? নতুনতে ফুৰিলেহে ফুৰা। পিছলৈ আৰু নহয়।”

 —“ৰ’বা জোনাকী। গৃহস্থই পঠিয়ালেহে যাব। মই নকওঁ, ল’ৰাহঁতেও নকয়। বোলে ‘ৰজাই ভাল দেখে যাক, হাতী-ঘোঁৰাও নালাগে তাক’। শিৱসাগৰলৈ যোৱা কথা এটা চলি আছে, যাব চাগৈ।”

 — “বাৰু হ’ব। ময়ো এতিয়া যাওঁগৈ। বোৱাৰীহঁতৰ কামত আমনি নকৰো দিয়ক।” পদূলিলৈ চাই জোনাকী উৎসাহী হৈ কৈ উঠিল— “অ’ বৌ, এয়াচোন গায়ননী বাইদেউ আৰু মদনৰ মাক। ইচ্ ৰাম, ‘ঔ বিচাৰোতে চোন মৌকে পালোহি’। আহক আহক, ৰাতিপুৱাই যে! কিবা গহীন লেঠা যেন পাইছো।”— জোনাকীৰ কথাৰ উত্তৰত গায়ননীয়ে ক’লে— “নহয়, দুপৰীয়া ৰ’দটো বৰ টান [ ২৬ ] হয়৷ ওলাবকে নোৱাৰো। বাৰু, তুমি গা ধুলানে মাখনী?”

 —“অ’ ধুলো বাইদেউ।”

 — “তেন্তে ব’লা, চাংকাকতী বাইদেউৰ তাৰপৰা আহোগৈ।”

 —“অ’ হয় নেকি? বাৰু তেন্তে আপুনি চাহ এঢোক খায় মানে মই ওলাওগৈ। অ’ ৰমলা, এইফালে আহা, কোন আহিছে চোৱাহি। আৰু বাইদেউৰাহঁতকো কোৱা, চাহ অকণ কৰা৷”— ভিতৰৰ পৰা “গৈছো মা” বুলি তিনিও মাত দিলে।

 তেওঁলোক তিনিও চাংকাকতী আইতাৰ ঘৰৰফালে ওলাই গ’ল। পদূলিত ৰওঁতেই চাংকাকতী আইতাক দেখা পালে। আইতা আচৰিত হ'ল। —“অ’ আহক আহক, বৰ ভাল লাগিছে আপোনালোকক দেখা পাই। কিন্তু ইমান ৰ’দত যে কষ্ট কৰি আহিছে, সেইটোহে আচৰিত পাইছো।”

 গায়ননীয়ে ক’লে— “সেইদিনা যে আমি কথাখিনি আলোচনা কৰিছিলো; সেই কথাৰ বাবেহে আকৌ লগ হোৱাৰ মনেৰে আহিলো। কেতিয়া সকলোকে পাম— তেনে কথা এটা চিন্তা কৰিব লাগিব।”

 —“অ বৰ ভাল কৰিলে। কিন্তু দিন এটা ঠিক কৰিহে মানুহক খবৰ দিব পাৰিম। মাত্ৰ সকলোৰে সুবিধা হোৱা দিন এটা ভাবক। আটাই কেইগৰাকীয়ে দেওবাৰে চাৰিবজাত বৰুৱানী বাইদেউৰ ঘৰতে লগ হোৱাৰ কথা ঠিক কৰিলে।” চাংকাকতীয়নীয়ে ক’লে— “বৰুৱানী বাইদেউক ময়েই খবৰ দিম মহিমাক পঠিয়াই।”

 মদনৰ মাকে ক’লে— “আমি বাৰু বাটত যাওঁতে যাকে লগ পাওঁ কৈ যাম। বৰ ভাল কথা হ’ব।” তেওঁলোক উঠিল।

 অজয়া আৰু বিজয়া এইখন গাঁৱৰে বোৱাৰী। সকলোতে আগৰণুৱা। বিপদে-আপদে আনক সহায় কৰে। দুয়ো পদূলিলৈ আহোতেই দুয়োৰে চকু পৰিল। বিজয়াই সুধিলে— “অজয়া, ক’ৰবালৈ যোৱা?”

 —“কি কয় বাইদেউ, ক’লৈ যাম? ‘পৃথিৱী চাৰিওপিনে পৰা; ক’ত সাৰিবি নেগুৰ খৰা’।”

 —“এৰা ‘চাপৰিলে মেঘ নেৰায়’।”

 — “হু। ইহঁত পাবৰ সময় হৈছে, সেয়ে বাছলৈহে চাইছো। ব’লা নহ’লে বাছ ৰোৱা ঠাইলৈকে যাওঁ।” তেওঁলোক দুয়ো বাছ ৰোৱা ঠাইলৈ ওলাই আহোতে [ ২৭ ] টালি-টোপোলাৰে সৈতে অৰুণাক আহি থকা দেখি ৰিঙিয়াই সুধিলে—“অৰুণা, ক’লৈ যোৱানো? ঘৰলৈ?”

 “নাযাওঁ বৌ।” — অৰুণাই কাষচাপি আহি চকুলো টুকি ক’লে—“নাযাওঁ বৌ, মোৰ দুখ কুলাই-পাচিয়ে নধৰা হৈছে। বোলে ‘নক’লেও নোৱাৰো ফটা মুখ, ক’লেও লাগে ভকতৰ দোষ’। বাটৰ কচু গাত ঘঁহি এতিয়া মৰিছো।”

 বিজয়াই ক’লে— “কি-নো কৈছা? তোমাৰ দৰে বিয়া হৈ অহা ছোৱালী আৰু নাই নেকি?”

 — “নহয় অ’ বৌ। ঘৰৰ মানুহৰ সৎ উপদেশ নুশুনিলো। ‘বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেঁকা’।”

 — “সেইটো হয়। হ’লেও কথাবোৰ ভাঙি-পাতি কোৱা। আমি আছো নহয়।”

 —“বুজিছে বৌ, ইমান শয়-শপত খুৱালো, কিন্তু মানুহটোৰ পদূলি শুঙা স্বভাৱটো নগ’ল।”

 — “ৰ’বা ৰ’বা, আমি অকল শৰতকে দোষ নিদিও নহয়। কাৰণ ‘ঢোলতো পাক, মাৰিতো পাক’, আমি শুনিলেহে গম পাম।

 মানুহে কয়

‘মৰে উৰুলি পুঙা
’মৰে পদূলি শুঙা
মৰে অলপ পানীৰ মাছ
মৰে নদী তীৰৰ ঘাঁহ’

 শৰত আচলতে ইমান বেয়া নহয়। তুমি চাগে’ ‘ছাটোকে বাঘটো দেখিছা’। মনৰ সন্দেহ বৰ বেয়া বস্তু, ভাবি চাবা। এতিয়া ঘৰলৈ উভতি যোৱা। সন্ধিয়া আমি তোমাৰ তালৈ যাম। ব’লা।”

 সন্ধিয়াপৰত বিজয়া-অজয়া দুয়োকে নিজ ঘৰৰ চোতালত দেখা পাই শৰতে কৈ উঠিল— “অ’ আই, সন্ধিয়াৰ অতিথি সাক্ষাৎ দামোদৰ। কিন্তু শুশ্ৰূষা কৰিবলৈ মোৰ মানুহজনীহে দুৱাৰ-ঘৰচোন খোলা। বোলো ‘ঘৰৰ ঘৈণী, ল’ৰাৰ মাক, তোমাক নামাতি মাতিম কাক’।”

 বিজয়াই মুখতে ধৰিলে— “কথা ক’বলৈ আহিছা? আজলী ছোৱালীজনী পাই, দুখ দিছা। সৌজনী অৰুণা।”

 —“বুজিছে বৌ ‘লাভৰ ঘিট ঘিট মুধৰ ছালত, বাইটিৰ মেখেলা ভিনিহিৰ [ ২৮ ] কান্ধত’। আপোনালোকেই বিচাৰ কৰকচোন, মই গাঁৱৰ ছোৱালী এজনীকো মাতিব নোৱাৰিমনে? গাঁৱৰ কোনোবা এঘৰলৈও যাব নোৱাৰিমনে?”

 কথা শুনি দুয়ো অৰুণাক ধমক দিলে। — “অ’ অৰুণা কথা সেইটোহে। আমি এনে কথা শুনি বেয়া পাইছো।” এনেতে প্ৰমীলা আইতাই ল’ৰাটোক নিচুকাই লৈ অহা দেখিলে।

 —“নেকান্দ ল’ৰা পাবি, বাপেৰ গৈ কল ৰুবলৈ, ঠোক মেলিলে খাবি।” বাপেকক দেখি কেঁচুৱাই বাপেকক ধৰিলেগৈ। প্ৰমীলা আইতাই দুয়োলৈ চাই ধমক দিলে—“দুয়োটা ক’লৈ গৈছিলি? ই ইমান কান্দিছে, দুৱাৰ খোলা দেখিহে মই সোমাই গৈ তাক মোৰ তালৈ নি ৰাখিলোঁ। বুজিছ ‘তেজ ধুলে উটে, মঙহ ধুলে নুটে৷’ মনত ৰাখিবি।’’

 এইবাৰ বিজয়াই শৰতৰ ফালে চাই চকু টিপ এটি মাৰি ক’লে— “আমি যাওঁ। বুজিছা শৰত, ‘যমে নিলেও নিয়া, জোঁৱায়ে নিলেও নিয়া’। জানি-বুজি যি ভাল দেখা, সেইমতে চলিবা আৰু।”

 “বৌ, মোকো তেনে বুলি ভাবিছানে?” শৰতে ক’লে।

 —“অ’টো, আমিও ‘একে গুৰু ঘৰৰহে দাস, কোব মাৰিলে গাতে পৰে’।”

 শৰতে বিনয়েৰে আশ্বাস দিলে— আগলৈ অৰুণাৰ মনোভাব প্ৰতি মনোযোগ দিব।

 তেনে সময়তে বাটেৰে যোৱা দাসনীয়ে বিজয়াহঁতক শৰতৰ চোতালত দেখি মাত লগালে— “শুনিছাহঁক নে আইহঁত, ইয়াতে দেখিলোঁ যেতিয়া তোমালোকৰ ঘৰলৈ আৰু নাযাওঁ। অহা দেওবাৰে বৰুৱানী আইতাৰ ঘৰলৈ আবেলি ৪ বজাত যাবা। বিশেষ কথা এটা আলোচনা কৰিম। অৰুণাকো নিবা। অন্য কাৰোবাক পালেও কথাটো জনাবা দেই।”

 বাৰু বাৰু বুলি শলাগি অজয়া-বিজয়া গুচি আহিল।

 আজি দেওবাৰ। তিনিমান বজাতে ননী বাইটি বৰুৱানী আইতাৰ ঘৰ ওলালহি। আইসকল অহাৰ আগতে বাইটিয়ে খৰ-খেদাকৈ চকী, টেবুল, টুল, পীৰা, মূঢ়া- য’ত যি আছে নিজেই বিচাৰি আমি পাৰি থ’লে। এই ঘৰখন ননী বাইটিৰ মাকৰ ঘৰৰ দৰে। বহুদিনৰ পৰাই আহ-যাহ। একেখিনি কাম কৰিবলৈ বিমলা খুৰীও উধাতু খাই অহাদি আহিছে। ননীক দেখা পায়েই দীঘলকৈ উশাহ টানি ক’লে— “উস্ ননী, তোক দেখি বৰ ভাল লাগিছে। বওঁহে বওঁ, পুতলৰ [ ২৯ ] তলতে থওঁ’ কাম নুটুটেহে নুটুতে।”

 —“এঃ থক থক। ‘নাচিব নাজানে চোতালখন বেঁকা’।”

 বিমলা খুৰীক কৈ ননী তামোল কটাত ব্যস্ত হৈ পৰিল।

 বিমলা খুৰীয়ে ক’লে— “হেৰা, ‘ঘন ঘনকৈ কাটিছা গুৱা, তুমিনো আমাৰ কি হোৱা’।”

 — “অ’ কি হওঁ? আটাইতকৈ আপোন হওঁ আকৌ।”

 —“দিয়া তেতিয়াহ’লে, খুজিছোঁ বাৰু। ‘তামোল এখন দিয়া ভকত, চূণ-পাণ অকণ দিবা লগত। ধঁপাত অকণ দিবা পাছে, বাকী বস্তু আমাৰ আছে’।”

 ননীয়ে ক’লে— “এইগৰাকী খুৰী পকিল দেই, সৰিবলৈহে বাকী। এখেত আহিল যেতিয়া, ফকৰা শুনি থাকিবা আৰু৷

 — “এৰা এতিয়া ‘যত দোষ নন্দ ঘোষ’ আমিহে হ'লোঁ।”

 তেনেতে গৌৰী খুৰী কঁকালৰ খোচনা খুঁচি খুঁচি আহি ওলালহি। বৰুৱানী আইতাই ক’লে—“কি হ’ল গৌৰী? বাটত কোনোবাই বস্ত্ৰহৰণ কৰিব খুজিছিল হ’বলা? চুঁচৰি আহিছচোন!”

 — “এ আইতা, নক’ব আৰু। মতা মানুহবোৰে একেবাৰে নুবুজে। তলাটো মাৰ নাখায়হে নাখায়, যুঁজি আছো। মানুহটোক ক’লো চাই দিয়কহিচোন। নাই গাটোকে নলৰালে। একেবাৰে ‘খাই অশলাগী আউনী পাণ, ওঁঠতো নধৰে ৰং’।” গায়ননীয়ে ক’লে— “বহ বহ। একো বেলি হোৱা নাই।”

 —“এৰা আইতা, কেতিয়াবা খং উঠিলে কৈছো নহয় ‘এনেয়েও কানি, তেনেও কানি, ভালকৈ দিম শাকত পানী’।”

 ননীয়ে তামোল কাটি অতাই চকী-মেজ ঠিক-ঠাক কৰি ক’লে— “আইতা, তাতো নাহিলো খাই, ইয়াতো পাবলৈ নাই।”

 তাইৰ কথা শুনি শুৱনী খুৰীয়ে ক’লে—“এই লপলপীজনীৰ পৰা উপায় নাই। বোলে ‘ঐ লপলপীৰ বাটত ঘৰ, ওলাওঁতে সোমাওঁতে বাটত চৰ’জাননে?”

 ননীয়ে নিজৰ গালত নিজে চৰিয়াই ক’লে— “চৰাই মৰে ৰৈ, মানুহ মৰে কৈ। ননী তই এনেকৈয়ে মৰিবি।”

 তেনেতে বৰুৱানী আইতাৰ বোৱাৰী বৃন্দাই চাহ-জলপান উলিয়ালে।ননীয়ে সহায় কৰি দিলে। সকলোৱে একেমুখে ক’লে— “অ’ ৰাম কৃষ্ণ, ইমান যোগাৰ কিয় কৰিলা? ভাতকেইটা খাই ৰোৱাই নাই নহয়। তাতে আমাৰ বুঢ়া পেট।” [ ৩০ ]  বৃন্দাই লাহেকৈ ক'লে— “বিশেষনো কি বৰমা, মোৰো যে ইমান ভাগ্য আজি বৰমা, খুৰী, বৌ, আইতা সকলোকে লগ পাইছোঁ। মায়েও সদায় আপোনালোকক লগ কৰোৱাৰ কথা কৈয়েই থাকে। মইহে সুযোগ উলিয়াব পৰা নাই। খাওকচোন, ঠাণ্ডা হ’ব।”

 সৰু বাইটিয়ে ক’লে— “মই নাখাওঁ আইহঁত, তহঁতে খা। মই বড়ি এটা খাইহে আহিছোঁ।”

 ননীয়ে আকৌ তপৰাই মাত দিলে— “দিলেও নাখাৱ তেঁতেলী, খুজিও নাপাবি বাকলি। খা খা।”

 “সোনকালে খোৱা।”— চাংকাকতী আইতাই ক’লে— “তাৰপিছতহে আলোচনা কৰিম।”

 “আমি আজি ইয়াত সকলো গোট খোৱাৰ কাৰণটো চাগৈ আটায়ে জনা নাই। জীয়ৰী-বোৱাৰীহঁত শুনাচোন, আমাৰ গাঁৱৰ কেইবাঘৰো মানুহৰ কেইবাটাও ঘটনা শুনি আমি দুখ পাইছোঁ। ইয়াত উপস্থিত থকা আইসকলেও যদি কিবা অযুগুত কথা গম পাইছা ক’বা। আমি সকলো কথা আলোচনা কৰিম।” তেনেতে অজয়া, বিজয়া, অৰুণা, বিনুহঁত সোমাই আহিল। সকলোৱে তেওঁলোকক আদৰিলে। তেনেতে বৰুৱানী আইতাই নিৰলাক দেখি সৰু সৰুকৈ ননীক ক’লে— “নিৰলাই যে ছোৱালী চাবলৈ যোৱাৰ কথা আছিল, নগ’ল নেকি বাৰু? তই নুসুধিবি, মই সুধিম।” সৰুকৈ ক’লেও কথাটি নিৰলাৰ কাণত পৰিল। তাই ক’লে—“সোধালৈ নৰওঁ আইতা, কওঁৱেই। সেইবোৰ বহুত কথা। ‘কঠিয়া দেখাতহে সৰু, ভাদতে পৰা’। এতিয়া তাহাতে ‘নাই বুলিলেও নেৰে, কুঁহিয়াৰ পেৰাদি পেৰে’। মোৰ বৰ মন নাই। এটা ল’ৰা৷ তাৰ বয়সেই বা হৈছে কিমান?” কথা শুনি বৰুৱানী আইতাই ক’লে— “এৰা চাবা ‘গোবৰৰ খৰাহীত পিতলৰ বাওঁ’ যেন নহয় যাতে তালৈ মন কৰিবা।”

 —“এৰা, ‘জোৰ যাৰ মুলুক তাৰ’ হয় বুলিহে ভয় লাগিছে। কালিলৈ বাপেক যাব, ল’ৰা নাযায়। আপোনাৰ কথাখিনি মই ক’মগৈ। “সজালোঁ পৰালোঁ, নগাই নিয়ে বুলি; নগায়ো নিনিলে মাজ ডাঙৰ বুলি।”

 —“আজিকালি সেইটো দিন নাই। শুনিছোঁ বোলে ছোৱালী ধুনীয়া কৰা দোকান ওলাইছে বোলে।”

 — “সেইটো হ’লেযে তেনেই ঠগন খাম। চিন্তাহে লাগিছে।” [ ৩১ ]  —“অ’ নাৰায়ণৰ ল’ৰা ইন্দ্ৰৰ কথা জানানে?”

 —“জানিবলৈ বাকী নে কিবা? তাইৰ লগত থাকোতেই ৰাইজে পাই উত্তম-মধ্যম দিলে। কেতিয়াবা বোলে ৰাতিও ঘৰলৈ নাহে। পঢ়া-শুনা বাদ পৰিল।”

 —“নহয় নহয়। এইবোৰ হৈছে ঢৌ। মানুহেও তিলকে তালটো কৰে। আমি খবৰ ল’বই লাগিব। ছোৱালীজনীৰ কি হ’ব। গ্ৰাহক নোলাবই নেকি?”

 —“কিয় নোলাব? ‘যিয়ে দিছে ফুলৰ থোপা, তেঁৱেই দিব মুৰত খোপা’।”

 —“এয়া হৈছে ‘উই চিৰিঙাৰ পাখি গজাৰ নিচিনা’ কথা। আমি পাখি গজোতেই ধৰিম। উৰিবলৈ নিদিওঁ। মটৰ চাইকেল পালে আৰু কি লাগে? মাটিত যেন ভৰিয়েই নথ’ব। সেইকাৰণেই কৈছো আমাৰ জীয়ৰী-বোৱাৰীখিনিয়ে অলপ সজাগ হৈ তেওঁলোকক বিপথে যোৱাৰ পৰা ওভোতাই আনা। এতিয়া ‘টেমী-কটাৰী হৈ তোমাকহে বাজিব লাগিব, আমি হাঁচতিবোৰ সদায় লগত থাকিম’।”

 তেনেতে ননীয়ে ক’লে— “আইতা, আমাৰ কাষৰীয়া গাঁৱৰ ভানুক চিনি পায় নহয়?”

 বৰুৱানীয়ে ক'লে— “অ পাওঁ। কি হ’লনো?”

 —“জীয়েকৰ বিয়াখন জোৰোণৰ দিনাখনেই ভাঙিল নহয়। ল’ৰাটো বৰ উদণ্ড হেনো। বিয়াখন পাতি দিলে কিজানি গত লাগে, সেয়েহে পাতিব খুজিছিল বিয়া। কিন্তু ছোৱালীঘৰে গম পালে আৰু বিয়াখন ভাঙি দিলে।”

 —“তেনেহ’লে ‘বেতনিত পৰিল ঔ, বসুদেৱায় নমঃ’। তেনেহ’লে তেনে এটা ল’ৰালৈ বিয়া দিনো কি শান্তি পালেহেঁতেন। 'ঈশ্বৰে যি কৰে ভাললৈকে কৰে’। আমি 'সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব লাগিব’ আৰু ননী শুন, এনেকুৱা কথাত তই আগভাগ লৈ নুফুৰিবি। ‘হলাগছ দেখিলে বাগী কুঠাৰ মৰা’ মানুহ বহুত আছে। তোৰ ছোৱালীও বিয়া দিবলৈ আছে নহয়। যাতে তোৰ একো বিপদ- আপদ নহয় চাবি৷’২

 —“এই জাৰেই জাৰ নহয় আৰু জাৰ আছে’। আইতা আমি কি কৰা উচিত আমাক বাট দেখুৱাই দিব।”

 —“তোমালোকে গাঁৱত হোৱা ঘটনাবোৰৰ খবৰ-খাতি লৈ আমাক জনাবাহি। ঘৰ গৈ পালেগৈ এলাহ নকৰিবা আকৌ। অহা দেওবাৰে ৪ বজাত [ ৩২ ] পুনৰ আমি লগ হ’ম। কিবা ভাল কৰিব পাৰিলে ভালেই লাগিব দিয়াচোন।”

 কেইবাদিনো পাৰ হ’ল, অজয়াই ভাবিলে ‘বলে নোৱাৰা শিল’ এটাহে ভাঙিবলৈ ল’লোঁ নেকি! এনেকৈ থাকিলে নহ’ব। তাই বিজয়ালৈ ফোন লগালে।

 —“বিজয়া, আমি কৰিম বোলা কামবোৰত চোন হাতেই দিয়া নাই। আজি কেইবাদিনো হ’ল। আজি মোৰ ইয়ালৈকে আহা। তৰু, মিনু, অৰুণা আৰু বাসন্তীকো লগত লৈ আহিবা। অ’ বিনু বাইদেউকো আনিবা, ভাল লাগিব। সাহস পাম।”

 অজয়াই ক’লে— “পিছে ‘কটা যোৱা নাক, খাৰণী দি ঢাক’ হ’ব নেকি?”

 —“প্ৰথমতেই তেনেকৈ নাভাবিবিচোন। দৰকাৰ হ’লে আমি অকণ ওলায়ো যাম। সাজু হৈ আহিবা দেই।” অজয়াই ফোন ৰাখিলে।

 অলপ পাছতে আটাইকেইগৰাকী আহি ওলালহি। বিনুক দেখি অজয়াই মনত বৰ সাহস পালে। সিহঁতে প্ৰথমতে ভানু খুৰীৰ ঘৰলৈকে গ’ল। ভানুৰ বিমৰ্ষ মুখখন দেখি আটাইকেইগৰাকী দুখ লাগিলেও প্ৰকাশ নকৰিলে। ভানুৱে ক’লে— “বুজিছা বিজয়া, ‘লঙ্কালৈ যিয়ে যায়, সিয়ে ৰাৱণ হয়’।”

 — “তেনেকৈ নক’ব খুৰী। আমিও দুখ পাইছো। কিন্তু কেৰোণটোনো ক’ত জানোচোন বুলিহে আহিছো। আমি এতিয়া পৱনক লগ কৰিমগৈ। মৃণালিনীকো লগত লৈ যাওঁ খুৰী।” মাকে সন্মতি দিয়াত মৃণালিনী বিজয়াহঁতৰ লগত ওলাল। সিহঁতে অলপ দূৰ গৈয়ে পৱনক চাইকেলেৰে আহি থকা দেখি তাক ৰখাই নমালে। যি নামিল আৰু মৃণালিনীলৈ চাই ক’লে— “লোকৰ কথা শুনিয়েই বিয়াখন ভাঙিব লাগিছিল জানো?” লগে লগে বিনু গৰজি উঠিল— “পৱন, ‘লাও যিমানে বাঢ়ক পাতৰ তল’ বুলি নাভাবিবা। আমি নাৰী হ’লেও শক্তিহীন নহয়।”

 —“নহয় খুৰী, মই এইকেইদিন মৃণালিনীৰ ঘৰলৈ যাবলৈ সাহস গোটাব পৰা নাই।

 বিনুৱে কলে— “চাকৰি এটা কৰিছা, বিয়াখন পাতিবলৈ লৈ ল’ৰা- ধেমালি কিয় কৰিছা। কিয় সবৰে মনত দুখ দিলা? অহা দেওবাৰে বৰুৱানী আইতাৰ ঘৰত আমি ৪ বজাত গোট খাম। মাৰা-দেউতাৰাক লৈ তুমি যাবা আৰু সকলো কথা মুকলি-মুৰীয়াকৈ ক’বা।”

 তেওঁলোক এৰা-এৰি হৈ আহিবৰ সময়ত বিনুৱে লক্ষ্য কৰিলে পৱনে [ ৩৩ ] মৃণালিনীক কাষলৈ মাতি নি কিবা কৈছে। বিনুৰ ভাল লাগি গ’ল। ইয়াৰ পিছত আটাইকেইজনী নাৰায়ণ খুৰাৰ ঘৰত সোমাল। নাৰায়ণে সিহঁতক পদূলিতে পালে। তেওঁ ক’লে— “কি কৰিবা আই, ‘কপালৰ লিখন নহয় খণ্ডন’।” — “নহয় খুৰা, সকলো দোষ বিধাতাক দিলে কেনেকৈ হ’ব? আমাক ভুল নুবুজিব। আমি আজি একেলগে অহাৰ উদ্দেশ্যও সেয়াই। ইন্দ্ৰ আছেনে বাৰু? মাতকচোন খুৰা, আমি তাক লগ পাওঁ এবাৰ।”

 ইন্দ্ৰ ওলাই আহিল। তাক দেখিয়েই বুজা গ’ল সি কিমান কষ্ট পাইছে। সি সেহাই সেহাই ক’লে— “আচলতে সিদিনা সন্ধিয়া হোৱা বাবে নিৰুক ৰিক্সা এখনত উঠাই দিবলৈ গৈছিলোঁ। নিৰুৰ লগত তেনেকৈ যোৱাটোৱেইযে ইমান দোষণীয় মই ভবাই নাছিলো। নীৰেনহঁতে মোক অবাবতে বৰ কষ্ট পোৱাকৈ মাৰিলে আৰু সিহঁতে মোৰ স্কুটাৰখনো জ্বলাই দিলে। সেইখন দেউতাই বৰ কষ্টেৰে মোৰ টিউশ্যন কেইটাৰ সুবিধা হ’ব বুলি কিনি দিছিল। এতিয়া মোৰ টিউশ্যনো বন্ধ হ’ল।” সি হুক্ হুকাই কান্দি দিলে।

 বিজয়াই ক’লে— “তুমি দুখ নকৰিবা। ‘ৰামলৈ যি পাত, সুগ্ৰীৱলৈও সেই একে পাত।’ আজি তোমাৰ ক্ষেত্ৰত হৈছে, কাইলৈ আন কাৰোবাৰ ক্ষেত্ৰত হ’ব। দোষ কাৰ আমি উলিয়াম। ‘খাই কাৰ্শলা ডালত উঠিল, কাঁঠি চেলেকাৰ মৰণ মিলিল।’ ‘য’তে বাঘৰ ভয় ত’তে ৰাতি হয়’ জানো? তথাপিও ওলালোঁ যেতিয়া অলপ কষ্ট কৰি চাওঁ। আশীৰ্বাদ কৰিব খুৰা। অ’ আৰু এটা কথা, অহা দেওবাৰে বৰুৱানী আইতাৰ ঘৰতে আনি সকলোটি গোট খোৱাৰ কথা। খুৰা- খুৰীক লৈ ইন্দ্ৰ তুমি যাবা। আবেলি চাৰি বজাত। আমি নীৰেণৰ ঘৰত সোমাই তেওঁলোককো যাবলৈ ক’ম। ঘটনাটোৰ এটা উতিচ বিচাৰ লাগে। অনাহকতে গাঁওখনত অশান্তি কৰাৰ সাহস সি ক’ত পালে? প্ৰয়োজন হ’লে সি ক্ষতিপুৰণ দিব লাগিব। ‘লুইতেহে জানে বঠা কিমানলৈ বহে’।”

 আটাইকেইগৰাকী আহিবলৈ যো-জা কৰোঁতেই দেখিলে বাটত মানুহৰ জুম এটা। এজনক আন এজনে মাৰিবলৈ খেদিছে। কথাটো কি? হুলস্থূল, চিঞৰ- বাখৰৰ মাজতে তাহাঁতৰ এজনীয়ে মানুহ এজনক সুধিলে— “কি হৈছে খুৰা? ঘটনা কি?”

 —“ঘটনাৰ কথা কি ক’বা আইহঁত? ‘এনেয়ে আছোঁ ঋষিৰ শাপত, তাতে আকৌ ধানৰ ভাপত’।” [ ৩৪ ]  —“অ’ এয়াচোন মাধৱী মাহী।”— বিজয়াই সুধিলে— “কি হৈছে মাহী?”

 — “কিনো ক’বা? আমাৰ ৰাইজে মাছ ধৰিবলৈ যোৱা পুখুৰীটোৰ জেং জাবৰ আঁতৰাই চিনি নোপোৱা মানুহকেইজনে মাছ মাৰিব ধৰিছিলহি। কথাতে কয় বোলে ‘চোৰে নেৰে চোৰ পৰকিতি, কুকুৰে নেৰে ছাঁই; যাৰ যি পৰকিতি আছে, মৰিলে লগত যায়’।”

 —“অঁতো খুৰী, ‘এঙাৰ ধুলে বগা হ’ব জানো?’ তেনেতে সৰুকণ ককাইক দেখি সুধিলে— “ককাইটি মাছ পালে জানো?”

 — “এ, পালো পালো বুজিছা ‘জোলোঙাটিহে সৰু, চাউল ধৰে, চিৰা ধৰে আৰু ধৰে ডমৰা গৰু’।”

 মাধৱী মাহীয়ে সুধিলে—“তোমালোক কেইজনী একেলগে আহিছাযে? কিবা কাম আছে নেকি? — বিনুৱে থুলমূলকৈ কথাটো ক’লে।

 মাধৱীয়ে ক’লে— “জানো পাই আমাৰ গাঁওখনত কি হ’বলৈ লৈছে। তোমালোকে হেমৱন্তী আইতাৰ কথা জানানে?”

 —“নাজানো। কি হ’ল তেওঁৰ?”

 —“অসুখীয়া হ’ল বুলি ঘৰৰ পৰা উলিয়াই দিলে। অসুখীয়া হ’ল বুলিয়েই তেন কৰা উচিত নে?”

 — “তেনে কৰা অনুচিত। অসুখীয়া হ’ল বুলিয়েই উলিয়াব কিয়? আমি আজি নাযাওঁ। বেলি হ’ল। আকৌ আহিম। আপুনিও ওলাব মাধৱী মাহী।”

 বিজয়াই ক'লে— “কাৰ কথা কৈছে বাইদেউ? নুবুজিলোঁ।”

 বিনুৱে কলে— “কাৰ কথা ক’ম আৰু নিজৰ কথাই কৈছোঁ।

 অলপ দূৰ গৈয়ে অজয়াই ক’লে— “এইখন প্ৰণিতাৰ ঘৰ। বিয়াতেই অহা। থিয়ৈ থিয়ৈ মাত এষাৰ লগাই যাওঁ।”

 —“নীৰেণে আজিকালি কি কৰে বাৰু জানানে?”

 — “আজিকালি সি ইয়াত নাথাকে নহয়, সৌখন গাঁৱত দুটা ল’ৰা- ছোৱালী থকা মানুহ এজনী বিয়া পাতিলে বোলে। বুইছা ‘মুতৰ গোন্ধ নোপোৱাই ধূপৰ গোন্ধ পালে’।” এই মানুহ বিলাকক কিনো ‘তপত ভাতৰ ধোঁৱাই খায়’। বুজিব নোৱাৰি। আন্ধাৰহৈ আহিছে। বৰ নামঘৰত ডবাৰ মাত শুনি সকলোৱে লৰালৰি কৰিলে। বিনুৱে হাঁহি হাঁহি ক’লে— “বৰেকি নবৰে বৰ, [ ৩৫ ] সেওঁতা ফালি ফালি মৰ’। আমি গোটেই জীৱনটোত সেওঁতা ফালিয়েই আছোঁ। আনক সন্তুষ্ট কৰিবলৈকে নহয় জানো? বুজিছা, আমি ক’ত লাগিব নালাগে কোৱাচোন। “নাখাওঁ তাইৰ হাতে ভাত, ঘুৰি ঘুৰি তাইতেহে হাত’। তথাপি পুৰুষসকল ওপৰত। —“এই আজলীজনীৰ খবৰ পোৱানে? মই অৱশ্যে খবৰ লোৱা নাই দেই।”

 মাধৱী মাহীয়ে ক'লে— “নাই, আজিকালিচোন বাজলৈ নোলায়েই।”

 বিনুৱে ক'লে— “কি-বা হ'ল? কিবা নগৰত জগৰ লাগিল নেকি?”

 —“নহয়হে! বোলে ‘চাপি আহা চুমা খাওঁ, পেট ডাঙৰ ঢুকি নাপাও’।”

 অজয়াই সুধিলে— “সেইটো কি আকৌ?”

 বিজয়াই থেলা মাৰি দি ক'লে— “এইজনী, এই মাহতে ভাল হোৱাৰ সময় আকৌ অ’ কথা সেইটোহে।” বুলি হাঁহিলে। “ভালহে হ’ল ‘ককাইদেৱে পৰিত্ৰাণ পাব।”

 “ৰ’বাহক”— অজয়া আৰু বিনুৱে ক’লে— “আমি ঘৰে ঘৰে সোমাম। আজিয়েই আমাৰ শেষ হোৱা নাই। আমি দুদিনমান ওলালেহে বহুত কথা জানিম। স্কুলীয়া ল’ৰা-ছোৱালী অহাৰ পাছতেই আমি কেইদিনমান ওলাবই লাগিব। সকলোৱে হয়ভৰ দিলে। কোনোবা এজনক নামঘৰৰ আগত দেখি বিনুৱে তপৰাই মাতিলে— “ককাইদেউ আপুনি? নামঘৰৰ পৰা আহিল নেকি?” মানুহজনে নামাতিলে। কোন- সিহঁতেও ধৰিব নোৱাৰিলে। বিনুৱে তাগিদা দিলে— “মনে মনে গৈ থাকা। নহলে দেৰি হৈ যাব। সকলো ঘৰঘৰি গ’ল।”

 দুদিনমান ঘৰুৱা লেঠাৰ বাবে ওলাবই পৰা নাই। বিনুৱে অজয়াক ফোন কৰিলে— “হেৰা, এনেকৈয়ে থাকিবা নে?”

 অজয়াই ক'লে— “ৰ’ব বাইদেউ, কেঁচুৱাৰ জ্বৰ। শাহুৰো অসূখ। এখেতৰ চোন লেঠাই লেঠা। তুমিয়েই বিজয়াক লৈ ওলোৱা। নহ’লে গধূলি হয়েই নহয়। অজয়াই ফোন ৰাখিলে। বিনুৰ ৰৈ ৰৈ আমনি লাগিল। বিজয়াক দেখি ক'লে— “ইমান পৰেনো কি কৰাহে? গধূলি হ’বই। কেইঘৰনো সোমাম?”

 —“ৰ’ব বাইদেউ, ‘উলহৰ মাদুলী তলুহৰ বিয়া; পাঁজীকটা মাৰিডাল উছৰ্গাত দিয়া।”

 —“ব’লা ব’লা। মৃণালিনী আৰু মাখনী মাহীকো পাৰিলে লৈ যাম।” তেওঁলোক ওলাই গ'ল। অলপ দূৰ গৈয়ে নিৰলাক দেখিলে। তায়ে মাতিলে— [ ৩৬ ] “বাইদেউ, কোনফালে?”

 —“এ যাওঁ এফালে। তুমি ক’ৰ পৰানো আহিলা?”

 —“এ ৰ’ব। মনুৰ ঘৰত কন্দা-কটা একেবাৰে।”

 —“অ’ কিহৰ বাবে?”— বিনুৱে সুধিলে।

 —“সুন্দৰ মহাজনক চিনি পায়নে? তাক যিটো মানুহে পেটৰ ভাতমুঠি দিছিলে সেই মহাজন ল’ৰাটোকে মনুৱে হেনো আৰু দুটাৰে সৈতে লগলাগি ধৰি নিলে। পয়চাৰ বাবে মনুক ধৰিলে। বাকী দুটা মাৰিলে।” অজয়াই ক’লে— “তাৰ ‘সান্দহ খোৱা বালি তল পৰিল’। যিজনৰ অনুগ্ৰহতে ভাতমুঠি মিলিছিল, তাতে সিন্ধি দিলেগৈ ‘ভেটিত তিতালাউ গজা’টোৱে, চোৱাচোন।”

 – “কি তপত ভাতৰ ধোঁৱাই খাইছিল তাক, নাজানেনেকি যে ‘ওপৰলৈ থুৱালে নিজৰ গাতে পৰে’৷” অজয়াই ক’লে— “ইয়াকে কয় ‘মৰিলেও মৰে, মৰকামোৰ নেৰে’। ‘এশ গৰু মাৰিলে বাঘৰো মৰণ’। এতিয়া বাৰু ল’ৰা-ছোৱালী দুটা আৰু মানুহজনীৰ কি হ’ব? ‘যাৰ যহত শাখা-সেন্দুৰ, তাকে পাতে ভোকোৰা এন্দুৰ’।”

 অজয়াই ক’লে— “সোমাই যাওঁ ব’লা।” বিজয়াই ক’লে— “সোমালে কি হ’ব? পুলিচৰ হাতৰ পৰাটো এৰুৱাই আনিব নোৱাৰোঁ।”

 —“সেইটো হয়। পিছে এনেহেন বিপদত মাতষাৰো বৰ ডাঙৰ বস্তু, ব’লা।”

 সিহঁত যাব ধৰোতেই গম পালে — সুন্দৰ মহাজনৰ ল’ৰাটোক উদ্ধাৰ কৰি অনা হ’ল। খবৰটো সকলোৱে ভালপালে।— “শুনা, আহি পালেহিয়েই যেতিয়া আজিলৈ যাওঁক। অন্য এদিন যাম। ‘আৰ্জিলে ফল ভুঞ্জিবই লাগিব’। উপায় নাই দুখ কৰি কি লাভ?”— সি কাৰোবাৰ প্ৰৰোচনাত পৰিহে এনে কৰিছে। পুলিচৰ জেৰাত সৈ কাঢ়িব। ‘হাতৰ কুঠাৰ ভৰিত মৰাৰ ফল’ পাব। অন্য এদিন আহি আমি মাকজনীৰ ওচৰত বহিম ব’লা।”

 তেওঁলোক আগবাঢ়োঁতেই দেখিলে বিন্দুৰ স্কুলৰ ছাত্ৰ টুনীৰামক তামোল গছত বান্ধি থৈছে।— “অ’ আই কি হ’ল ঔ! ওচৰৰ ৰাইজক কথাৰ গুৰি সোধোঁতে গম পালে সিন্ধি খান্দোতেই চোৰ ধৰা পৰিল। সি লেবেজান হোৱাৰ ভাও দি আছে। এতিয়া ৰাইজে গৈ পুলিচক খবৰ দিবগৈ। বিনুহঁতে হাতযোৰ কৰি অনুৰোধ কৰিলে— “ইয়াক এৰি দিয়ক। ইমান সৰু ল’ৰা, তাৰ পঢ়া-শুনা নষ্ট নকৰিব। আমিয়েই ইয়াৰ ব্যৱস্থা কৰিম। সৰু-বৰ সকলো কথা পুলিচক [ ৩৭ ] জনাই গাঁওখনলৈ বদনাম এটা নানিব।”

 বিজয়াহঁতৰ কোমল মনৰ উমানপাই টুনীৰামে কান্দি কান্দি ক’লে—“মোৰ একো দোষ নাই। সিহঁতে মোক গঁতটো খান্দি থাকিবলৈ কৈছিল। বহুপৰ হোৱাতো সিহঁত নাহিল। মোক ইমান মাৰিছে, হাত-ভৰি লৰাবকে পৰা নাই।”— ৰাইজৰ সন্মতিত বিনুৱে “উঠ উঠ” বুলি গাৰ ধূলি-বালি জোকাৰি হাতৰ বান্ধোন খুলি, যাবলৈ দিলে। তাৰ পিছত সেই ঠাইত থকা গোলোক ককাইটিক সুধিলে— “বাকী দুটা কোন চিনি পায়নে?” তেওঁ ‘পাওঁ’ বুলি কৈ সিহঁতৰ পৰিচয় দিলে।

 — “আমি লৰালৰি হ’লেও সোমাই যামেই। অহা দেওবাৰে চাৰি বজাত বৰুৱানী আইতাৰ ঘৰত আমি আটাইকে গোট খুৱাম। আমি আমাৰ গাঁওখনত এনে খুঁট-খাট অশান্তি হৈ থাকিবলৈ এৰি নিদিওঁ। আপোনালোক যাব দেই। ‘পাপকহে ঘৃণা কৰে, পাপীক নহয়’। হয়নে নহয়?”

 বিনুৱে কলে—“দুঘৰতে গধূলি হ’ল। তেনে ঘৰত গৈ নাচনী দেও উঠিব।”

 —“সেইবোৰ হৈ যাব, ‘নাখাওঁ নাখাওঁ বুলি জিকা দিবা ভাতত, তপাতপ খাই দিব এটিও নেৰিবা পাতত’।”

 কানিমুনি সময় হ’ল। খৰ-ধৰকৈ আটায়ে নিজ ঘৰ বুলি খোজ ল’লে। সন্মুখৰ পৰা অহা এজনক উমানতে মাতিলে— “খুৰা নামঘৰলৈ আহিছিল নেকি?”

 “অ’ বিনু নেকি? মই আন্ধাৰ হোৱা দেখি তোকে আগবঢ়াই নিব আহিলোঁ।” বাকীসোপাই খুক-খুকাই হাঁহি ক'লে— “জালকে বুলিলোঁ জকাই, আন্ধাৰে মুন্ধাৰে চিনিব নোৱাৰি, মতাটোক বুলিলোঁ ককাই।”

 বিমলে ক'লে—“বুজিছা বিনু ‘সাঁতোৰ সাঁতোৰ, বাহুত বল থাকে মানে। সাতুৰিব নোৱাৰিলে যা ৰসাতলে’।” বিনুৱে শলাগিলে। দুয়ো ঘৰ পালে। নঙলা খুলিব লৈ বিনুৱে সুধিলে— “এইবোৰ কামত লাগি আমি যদি কথা শুনিবলগীয়া হয়।”

 বিমলে সাহস দি ক'লে—“তোমালোকে কি বেয়া কাম কৰিবলৈ ওলাইছা নেকি? গাঁওখনৰ ভালৰ বাবেহে। পাৰিলে লগ-সহযোগ কৰক। নোৱাৰিলে ‘চুঙা চাই সোপা’ দিবা, আৰু কি?” বিনুৰ মনটো আনন্দত ভৰি গ’ল। মনতে ঠিৰাং কৰিলে— “কাইলৈ অলপ সোনকালে ওলাই অলপ বেছিকৈ ঘুৰিম। এলাহ নকৰোঁ। নহ’লে ‘ফাল চাচোঁ মানে মাহৰ বতৰ যাবগৈ’।”

[ ৩৮ ]
লেখিকা ৰেণু মহন্ত

সাহিত্যাচাৰ্য্য মিত্ৰদেৱ মহন্তৰ দুহিতা তথা এটি বৰেণ্য
সাংস্কৃতিক পৰিয়াল নগাঁৱৰ জাজৰিৰ আমতলা গজলা সত্ৰৰ

সত্ৰাধিকাৰ শিল্পী হৰেন্দ্ৰ নাথ মহন্তৰ বোৱাৰী ৰেণু মহন্তৰ
প্ৰকাশিত আন দুখন গ্ৰন্থ:

সুৰৰ আঁজলি (২০১৯) আৰু সুৰৰ আঁজলি (২০১৯)।

দাম: ৩০.০০ টকা।

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।