বাখৰ

ৱিকিউৎসৰ পৰা
[  ]
 

বাখৰ।

 

[  ]

বাখৰ।

 
 

শ্ৰীলক্ষ্মীনাথ বেজবৰুৱা

প্ৰণীত।

 

 

লৰেল্‌চ

হাওড়া

শক, ফাগুন।
১৯১৫ ফেব্ৰুৱাৰী।
 
 
বেচ এমহা মাথোন।
 

[  ]
 

KUNTALINE PRESS,
PRINTED AND PUBLISHED BY P. C. DASS
61, BOWBAZAR STREET, CALCUTTA.

 

[  ]

পাতনি।

বাখৰ।

সংসাৰ-চক্ৰত পৰি টোকে চকুপানী
নবীন পথিকে দেহি, বাট হেৰুৱাই;
বাখৰৰ জেউতিয়ে তৰাটিৰ দৰে
জীৱনৰ বাট যেন দিয়ে পোহৰাই।
আন্ধাৰত দেখি সেই পোহৰৰ ৰেখা,
আশাৰ পুলিটি যেন উঠে ঠন ধৰি;
বাজক নতুন সুৰে সুখৰ সঙ্গীত,
উঠক প্ৰাণত পুনু আনন্দ-লহৰী।
ফুলেৰেই ভৰে যেন হৃদয়-ফুলনি,
সুবিমল শান্তিময় সুখ-কিৰণত,
সমাপি জীৱন-ব্ৰত হাঁহিমুখে সবে
লভোঁ যেন শেষ শান্তি ঈশ-চৰণত।

যতীন্দ্ৰনাথ দুৱৰা।
 

[  ]

বাখৰ।

 চৰিত্ৰ (Character) মানুহৰ জীৱনৰ ভেটি। এই ভেটিটো দৃঢ় হব লাগে, নতুবা জীৱনৰ বৃহৎ অট্টালিকাটো সংসাৰৰ হেঁচাত পৰি চূৰ-মাৰ হৈ যাব। জীৱন মানে মানুহৰ পূৰ্ণ মনুষ্যত্ব বিকশিত হোৱা জীৱন; মাথোন খোৱা, শোৱা আৰু ধন-ঘটি ইন্দ্ৰিয়ৰ বৃত্তি চৰিতাৰ্থ কৰা জীৱন নহয়,—কাৰণ এনে জীৱন পশুৰ জীৱনতকৈ এখাপৰহে ওপৰৰ। চৰিত্ৰ-মন্দিৰত ঈশ্বৰৰ সন্তান মনুষ্যৰ ঐশ্বৰিক গুণবোৰৰ মূৰ্ত্তি প্ৰতিষ্ঠিত থাকে, এতেকে সেই মন্দিৰ টান, শকত, নফটা, নভগা আৰু নুৰুখা হব লাগে। বাহিৰৰ শত্ৰুৰ আক্ৰমণ ব্যৰ্থ কৰি চিৰকাল আত্মৰক্ষা কৰি, মূৰৰ ওপৰৰ সোণৰ কলচীটি জগত-কৰ্ত্তাৰ [  ] ফালে পোন কৰি থৈ আত্মপ্ৰসাদ লাভ কৰিব পৰা হব লাগে এই চৰিত্ৰ-মন্দিৰটি।

 প্ৰতিৰোধ-শক্তি (Resistance) চৰিত্ৰ-মন্দিৰৰ ভেটি হব লাগে। জীৱন এটা ধাৰাবাহিক প্ৰতিৰোধৰ ফল। নৰিয়াৰ প্ৰতিৰোধ, নৈসৰ্গিক আক্ৰমণৰ প্ৰতিৰোধ, হিংসাকুৰীয়া জন্তুৰ আক্ৰমণৰ প্ৰতিৰোধ, কুসঙ্গজনিত কুভাবৰ প্ৰতিৰোধ, স্বাৰ্থপৰ, বিদ্বেষী আৰু খলৰ আক্ৰমণৰ প্ৰতিৰোধ, নীহ, কুট, নিন্দক আদি নিষ্কাৰণ বৈৰীৰ আঘাতৰ প্ৰতিঘাত, জীৱন ৰক্ষাৰ নিমিত্তে আৱশ্যক। প্ৰতিঘাতৰ শক্তি বা বলে মানুহক সকলো অৱস্থাতে পোন হৈ থাকি কৰ্ত্তব্য পালন কৰিবলৈ বল দি যোগ্য কৰে। এই শক্তিৰে অনুপ্ৰাণিত হৈ মানুহে স্বচ্ছন্দে জীৱিকা [  ] উপাৰ্জ্জন কৰিব পৰা ক্ষমতা লাভ কৰে, আৰু নিজক সততে বিপদৰ পৰা মুক্ত আৰু ৰক্ষা কৰি তেওঁ কৰ্ত্তব্য-কাৰ্য্য সম্পাদন কৰিব পৰা হয়। ব্যায়াম, বিশুদ্ধ বায়ু, বিশুদ্ধ আহাৰে শৰীৰলৈ এই ক্ষমতা আনে আৰু ওখ চিন্তা, পৰোপকাৰ চিন্তা, ঈশ্বৰচিন্তা, জীৱৰ প্ৰতি দয়া প্ৰেম আৰু ঈশ্বৰৰ প্ৰতি একান্ত ভক্তিয়ে মনলৈ এই ক্ষমতা আনে।

প্ৰতিৰোধ শক্তি যেনেকৈ বাহিৰৰ আততায়ীৰ পৰা চৰিত্ৰ-মন্দিৰ ৰক্ষাৰ নিমিত্তে আৱশ্যকীয়, ভিতৰৰ মন্দিৰত সেই দৰে প্ৰাণ প্ৰতিষ্ঠা কৰি তাক সজীৱ সবল কৰি ৰাখিবলৈ constructiveness নিৰ্ম্মাণ বা গঠনশক্তি আৱশ্যক। বাহিৰৰ বিপৰীত ধৰ্ম্মাৱলম্বী পদাৰ্থ ভিতৰলৈ সোমাব নিদিয়াকৈ জানিবা ভিতৰখন [ ১০ ] ৰাখিলা, কিন্তু সি তো খালি নাথাকে, nature abhors a vacuum অৰ্থাৎ প্ৰকৃতিত অৰ্থাৎ সৃষ্টিত কোনো ঠাই খালি থকা নিয়ম নাই; তুমি যদি তোমাৰ মাল-গুদামত বাহিৰৰ বস্তু নুসুমাই তাক খালি কৰি পেলাই থোৱা, তেন্তে ভিতৰত সি ভেকুৰ লাগি পচা গোন্ধ ভাপ আৰু কাঠফুলা জেকনিৰে লাহে লাহে পুৰ হৈ উঠিব; সেইদেখি তাক ভাল, সজ বস্তুৰে পূৰাব লাগিব। সজ চিন্তা, সজ স্বভাৱ, সজ কাৰ্য্যৰ সমল প্ৰস্তুত কৰি সেই বাবে তোমাৰ চৰিত্ৰ মন্দিৰৰ ভিতৰখন পূৰাই থবা।

 পৰ্য্যবেক্ষণ (Observation) চৰিত্ৰ-মন্দিৰৰ গাথনিৰ গুৰিডোখৰৰ ইটা। তোমাৰ চাৰিউফালে দিনৌ কি ঘটিছে, তাৰ গঢ় গতি কেনে, স্বভাৱ কি [ ১১ ] ফল কি, ইত্যাদি তন্ন-তন্নকৈ চাই জুকিয়াই যাবা। ওপৰে ওপৰে চেলেংপেতেংকৈ চালে নহয়। প্ৰথমতে তোমাৰ এই পৰ্য্যবেক্ষণৰ শক্তি দুৰ্ব্বল থাকিলেও, তাক ব্যৱহাৰ কৰোঁতে কৰোঁতে তাৰ শক্তি মহা প্ৰবল হৈ উঠিব নিশ্চয়; আৰু শেহত সি ইমান তীক্ষ্ণ হব, ইমান প্ৰবল হব, যে তুমি নিজেই আচৰিত মানিবা এইটো কথাত, যে এশজনৰ ভিতৰত নিৰান্নবইজনৰ চকুত নপৰা কথা তোমাৰ চকুত পৰিছে। যি পৰ্য্যবেক্ষণে তোমাৰ মন উন্নত কৰে, তেনে পৰ্য্যবেক্ষণত তোমাৰ শক্তি আৰু সময় সৰহকৈ ব্যয় কৰিবা। পৰ্য্যবেক্ষণ শক্তিয়ে ঘটনা আৰু পদাৰ্থৰ জটিলতাৰ আঁহ ফঁহিয়াই বেলেগ কৰি দি তাৰ আচল প্ৰকৃতি উলিয়াই দিয়ে; আৰু তেতিয়া তোমাৰ বিবেচনা জ্ঞানে সেই বস্তুৰ [ ১২ ] ভাল অংশ সামৰি লৈ বেয়া অংশ দলিয়াই পেলাব।

পৰ্য্যবেক্ষণতে শেষ নকৰি তাৰ ফল কামত লগাব লাগে। অনেকে অনেক কথা দেখে, জানে আৰু ভাবে; কিন্তু কামত সেইবোৰ লগাব নোৱাৰে বা লগাবলৈ যত্ন নকৰে। এনে মানুহ জান শুনি, শিকি বুজিও অকৰ্ম্মণ্য হয়। তোমাক নিজকে তুমি ভালকৈ চলাবলৈ শিকাঁ, তেহে লোকক চলাব পাৰিবা; নিজক শাসনৰ তললৈ আনিলেহে লোকক তোমাৰ শাসনৰ তললৈ আনিব পাৰিবা। নিজৰ ওপৰত তুমি গৰাকি হবগৈ পাৰিলে, অৰ্থাৎ তোমাৰ স্বভাৱ চৰিত্ৰক তোমাৰ সম্পূৰ্ণ তলতীয়া কৰি লব পাৰিলে, তুমি পৰিবেষ্টিত থকা বাহিৰৰ মনুষ্যসমাজ [ ১৩ ] আৰু অৱস্থাকো লাহে লাহে তোমাৰ তলতীয়া কৰিব পাৰিবা।

 পৰিমিতব্যয় চৰিত্ৰ-মন্দিৰৰ আন এটি লাগতিয়াল সঁজুলি। বিবেচনাৰে সৈতে সময়, শক্তি, পৰিশ্ৰম, বুদ্ধি আৰু অৰ্থৰ সদ্ব্যৱহাৰ কৰাৰ মানেই মিত্যব্যয় বা বিবেকব্যয় (economy)। বিবেকব্যয়ীক বহুতে বুজিব নোৱাৰি কৃপণ বুলি ভাবে, কিন্তু বিবেকব্যয় কৃপণতা নহয়। ঘৰুৱা অসমীয়া কথাত কিৰ্পিণক বান্ধ্‌কানি বোলে। কিন্তু ভৱিষ্যতলৈ চকু ৰাখি অৰ্থৰ নিয়মিত সদ্ব্যৱহাৰ কৰাক বান্ধ্‌কানি নোবোলে। স্বৰূপাৰ্থত মিত্যব্যয়ী মানুহহে প্ৰকৃত উদাৰ আৰু পৰোপকাৰী হব পাৰে। প্ৰায়ে দেখা যায় যে অতিপাতকৈ খৰচ কৰি দাতাকৰ্ণ [ ১৪ ] হব খোজাজনৰ শীঘ্ৰে কঁকাল পৰে; সেইদেখি তেওঁ যেতিয়া যত অৰ্থেৰে প্ৰকৃত সহায় কৰিব লাগে, তেতিয়া তত কৰিব নোৱাৰা হয়। সেই নিমিত্তে তোমাৰ সুসময়তে ভৱিষ্যত দুঃসময়লৈ সাঁচিবা। অকল বিত্তৰ বিষয়তে হে যে এই কথা খাতে এনে নহয়; পৰিশ্ৰম, স্বাস্থ্য, বুদ্ধি ইত্যাদিতো এই কথা খাটে। সেই দেখি ইংৰাজী ইকনমি Economy শব্দটোৰ আচল প্ৰতিশব্দ বিবেকব্যয়। ডেকাকালৰ সুলভ স্বাস্থ্যৰ অপব্যয়, অপব্যৱহাৰ কৰি শেষ বয়সত ভগ্নদেহ, ৰুগ্নস্বাস্থ্য লৈ অনুতাপ কৰি জীৱন কটোৱা মানুহৰ লেখ বৰ কম নহয়। মুঠতে, শক্তি সঞ্চয় কৰাঁ আৰু তাক আৱশ্যক মতে ব্যয় কৰা, তুমি সংসাৰত বিজয়ী হবা। তুমি মনত দৃঢ়ভাৱে ভাবিবা, যে তোমাৰ অৰ্থ, তোমাৰ শক্তি [ ১৫ ] সামৰ্থ, তোমাৰ শৰীৰ, তোমাৰ মন, বুদ্ধি, তুমি তোমাৰ নিজৰ প্ৰতিবাসীৰ, দেশৰ, মনুষ্য সমাজৰ উপকাৰৰ অৰ্থে আৰু ঈশ্বৰৰ প্ৰীতিৰ অৰ্থেহে সঞ্চয় কৰিছা; তেনেহলে নিশ্চয় তুমি নিজেও উন্নত হবা আৰু পৰোপকাৰ কৰিব পাৰিবা আৰু তোমাৰ অভীষ্ট সাধনো হব।

চৰিত্ৰ-মন্দিৰৰ ভিতৰত উজ্জ্বল অথচ মিঠা বন্তি হৈছে আনন্দ। আনন্দই শৰীৰ মন আনন্দিত কৰি সুমধুৰ কৰি ৰাখে। কোনো দুখ বিপদৰ বাবে মনলৈ নিৰানন্দ অহাটো স্বাভাৱিক; কিন্তু সেই নিৰানন্দকে মনত পাগি-পুৰি নাথাকিবা; মনত বেজাৰ থাকিলেও মুখেৰে আনন্দ কৰিবা; তেনেকৈ আনন্দৰ কথা কৈ থাকোঁতে আৰু লোকে কোৱা [ ১৬ ] আনন্দৰ কথা শুনি থাকোতে তোমাৰ নিৰানন্দক আনন্দই লাহে লাহে জয় কৰি ভিতৰৰ পৰা উলিয়াই খেদি দিব। এইটো নাপাহৰিবা যে, মুখৰ শব্দৰ বৰ ক্ষমতা; সি উচ্চাৰিত হৈ হৈ ইমান শক্তিমন্ত হয় গৈ যে শেহত তোমাৰ চিন্তাৰ ওপৰতো সি প্ৰভাৱ বিস্তাৰ কৰে। শব্দক Empty খালি বুলি বহুতে তাক শূন্য যেন দেখে; কিন্তু সেই শূন্য ব্যোম (Ether), যাৰ স্পন্দনত ব্ৰহ্মাণ্ডৰ শিপা পৰ্য্যন্ত লৰে; যাৰ কম্পনত সৃষ্টি, স্থিতি, লয় ঘটে; মনৰ ভাব সলোৱাটো তো তাৰ এটা ক্ষুদ্ৰ কাম মাথোন। দুখত ব্যথিত নহৈ তাক অগ্ৰাহ্য কৰিবলৈ সেইদেখি জ্ঞানী সাধুসকলে উপদেশ দিয়ে। দুখক, কষ্টক অগ্ৰাহ্য অৱহেলা কৰিলে বাস্তৱিক সি দুৰ্ব্বল হৈ মৃত্যুৰ মুখত পৰে; আৰু তাকে লৈ তাৰে গুণ মহিমা বখানি [ ১৭ ] আৰু চিন্তা কৰি থাকিলে সি ফাপি উঠি ক্ৰমাৎ ডাঙৰ হৈ যায়। এইদেখি অদৃষ্টক হাঁহি উৰাই দিয়া ভাল। বাধা বিঘিনিক তুচ্ছ কৰি থোৱাঁ; দেখিবা, সি আপোনাআপুনি খোৰাকৰ অভাৱত মৰি যাব। প্ৰত্যেক দিনত ওলোৱা সুবিধাবোৰ তুমি আনন্দ মনেৰে গ্ৰহণ কৰি তাক কামত লগাই যাবা। তুমি ভাবাঁ,—যে বিপদ জয় কৰি উঠিব পাৰিবা, কাৰণ তোমাৰ ক্ষমতা আছে; আৰু তুমি জয় লাভ কৰিব পাৰিবা, কাৰণ তুমি ইচ্ছা আৰু সংকল্প কৰিছা। “You can, therefore you will. You will, therefore you will, You shall, therefore you realize.” এই ধাৰণাই তোমাৰ মন আনন্দেৰে পৰিপূৰ্ণ কৰিব। তুমি যে জয়ী হবা, এই দৃঢ় বিশ্বাস তুমি মনত পোষণ [ ১৮ ] কৰিছা; ফলত তোমাৰ ক্ষমতা বৃদ্ধি প্ৰাপ্ত হৈছে; এই ধাৰণা যে প্ৰকৃত, ই নিশ্চয় তোমাৰ মনলৈ আনন্দ আনিবই আনিব।

আনন্দই মুখ উজ্জ্বল কৰে।
শোকে অন্তৰ ধ্বংস কৰে॥

 আন্দদায়ী কোনো কাৰ্য্যত নিমগন হোৱাঁ, দেখিবা, চাৰিউফালৰপৰা আনন্দৰ সোঁতে তোমাৰ মন বুৰাই পেলাবহি। ৰঙীয়াল মানুহৰ সঙ্গ লোৱাঁ, সঙ্গগুণত তোমাৰ মনো ৰঙীয়াল হব। হাঁহা, খুব হাঁহা, তোমাৰ মনৰ গ্লানি কাটি যাব। হাঁহিতোলা মানুহৰ লগ লোৱাঁ, তেওঁৰ হাঁহিয়ে তোমাৰ মন প্ৰফুল্লিত কৰিব। হাঁহি খোচৰা বস্তু; ৰং হাঁহিৰ কথা কোৱা মানুহৰ ওচৰলৈ অহিলে তোমাৰ মনও তেনে গুণীয়া হব নিশ্চয়। তোমাৰ অন্তৰত আনন্দময় [ ১৯ ] পৰমেশ্বৰ আছে, ভয় কি? সংশয় কি? তেওঁৰ আনন্দ ভিক্ষা কৰাঁ, পাবা; পাই তুমিও আনন্দময় হবা। দুখৰ ঢাকোনেৰে, আৰু শোকৰ মিছা ভাবনাৰ আৰ-কাপোৰেৰে আনন্দময়ক নাঢাকিবা, তেওঁ নিভৃত কোণত আনন্দস্বৰূপে বৰ্ত্তমান; মায়াৰ কপট ঢাকোন পেলাই দি তেওঁৰ কাষ চাপাঁ, তোমাৰ মনতো মহানন্দ মিলিব। প্ৰেম বহুমূলীয়া বস্তু। প্ৰেমবিহীনে প্ৰেমময়ক নেপায়। ঈশ্বৰ প্ৰেমময়। পৰোপকাৰ, জীৱৰ প্ৰতি দয়া, কৰুণা, প্ৰেমময়ৰ প্ৰেমোপহাৰ। তাৰ সদ্ব্যবহাৰ কৰাঁ; শঙ্কা নকৰিবা; ভয় নকৰিবা; প্ৰেম বিলোৱাঁ, প্ৰেম লোৱাঁ, তোমাৰ মন-ভঁৰাল প্ৰেম-সমলেৰে পূৰ হব। পৰৰ মঙ্গল চিন্তা কৰাঁ, দেখিবা তোমাৰ মন মঙ্গলেৰে পৰিপূৰ্ণ হব; আৰু মঙ্গলে পৰৰ যে উপকাৰ কৰিবই, [ ২০ ] তোমাৰো পৰম উপকাৰ অনিবাৰ্য্য। তোমাৰ মন যেতিয়া ডাঙৰ হব, আৰু সি সুমধুৰ প্ৰেমৰসেৰে পৰিপূৰ্ণ হব, তেতিয়া চাৰিওফালে অসীম আনন্দ। লোকৰ ভাল কৰিবলৈ গলে তোমাৰ ভাল-কৰা শক্তি দিনে দিনে বৃদ্ধি পাব, তুমি পৰম প্ৰেমময় ঈশ্বৰৰ সমীপৱৰ্ত্তী হবা, আৰু সকলো এক ঈশ্বৰৰ সন্তান, সকলো তোমাৰ নিজৰ সম্বন্ধীয়া, এই মহান সত্য তোমাৰ মনত প্ৰতিভাত হব। সকলোকে সদায় উছাহ বাক্য প্ৰদান কৰিবা, সাহ দিবা, বল দিবা, সহায় কৰিবা। এনে কৰিলে দুগুণ উপকাৰ,—নিজৰো, পৰৰো। কোনো এনে দুখীয়া নহয়, যে তেওঁ ধনেৰে লোকক সহায় কৰিব নোৱাৰিলে বুলিও, ভাল মাত এষাৰেৰেও যে সহায় কৰিব নোৱাৰিব। আপদত ভাল মাত, উছাহৰ [ ২১ ] মাত এষাৰেই লাখটকীয়া। যি তেনে মাত অন্তৰেৰে সৈতে দিছে, আৰু যি অন্তৰেৰে সৈতে গ্ৰহণ কৰিছে, সিহে তাৰ প্ৰকৃত মোল বুজে। তুমি জানিবা ভাল মাতষাৰেৰে লোকৰ কোনো উপকাৰ কৰিব নোৱাৰিলাই, তথাপি তাৰ দ্বাৰাই এইটো প্ৰমাণ হল যে, মনুষ্যজাতিৰ প্ৰতি দয়া কৰুণা আৰু সহানুভূতিৰ ভাব প্ৰত্যেক মানুহৰ অন্তৰতে আছে। আন একো নহলেও তুমি ঈশ্বৰৰ সৃষ্টিৰ মূল সত্য কৰুণা, সহানুভূতি আৰু ন্যায়ৰ সন্মান ৰক্ষা কৰি তোমাৰ কৰ্ত্তব্য পালন কৰিলা তো। কিন্তু এইটো জানিবা যে পৃথিৱীত ন্যায় আৰু প্ৰেম এই দুটাই ঘাই পদাৰ্থ।

 চৰিত্ৰ-মন্দিৰৰ আন এটা উপাদান ওখ আদৰ্শ। [ ২৪ ] ওখ আদৰ্শ মনত লৈ সংসাৰত বাট বুলিলে তুমিও ওখ হবা। ক্ষুদ্ৰ আদৰ্শ বা আদৰ্শ-বিহীন হৈ চলিলে তোমাৰ উন্নতি মৰুভূমিত পানী বিচৰাৰ নিচিনা। উন্নত হব নোৱাৰিলে নিশ্চয় অধঃপাত, কাৰণ সংসাৰত একে ঠাইতে থাকিব কোনেও কেতিয়াও নোৱাৰে। হয় তুমি আগবাঢ়িব লাগিব, নহয় পিছপৰি যাবলৈ বাধ্য হবা। ডাঙৰ ভাব, ওখ চিন্তা, ওখ আৰ্হি লৈ বাট বুলাঁ, ভয় নকৰিবা, তুমি দিনক দিনে উন্নতিৰ বাটত নিশ্চয় আগুৱাবা। ওখ আদৰ্শ ওখ চিন্তা মানে শূন্যত অট্টালিকা নিৰ্ম্মাণ নহয়। সম্পূৰ্ণক আগত ৰাখি চলিলে লাহে লাহে সম্পূৰ্ণৰ অংশবিলাক তোমাৰ ক্ষমতাৰ আয়ত্বাধীন হব। সুন্দৰক আৰাধনা কৰাঁ তুমিও সুন্দৰ হবৰ ফালে যাবা। ঈশ্বৰ সত্যং শিবং সুন্দৰং। এই [ ২৫ ] বাটে আগ বাঢ়াঁ, তুমিও সৌন্দৰ্য্য, সুমঙ্গল আৰু সত্যৰ অধিকাৰী হবা, তুমি ঈশ্বৰৰ অংশ জীৱ, ভয় কি? তুমি দিনৌ এইকেইটা মন্ত্ৰ মাতিবা—

 (১) মই অসৎ আৰু অমঙ্গলৰ প্ৰতিৰোধ কৰিম।

 (২) মই মঙ্গলকাৰ্য্য কৰি নিজক মঙ্গলময় কৰি গঢ়িম।

 (৩) মই সকলো তন্ন-তন্নকৈ পৰ্য্যবেক্ষণ কৰিম।

 (৪) মই সকলো কাৰ্য্য ফঁহিয়াই তাৰ ভাল বেয়া উলিয়াম।

 (৫) মই কৰ্ত্তব্য কাৰ্য্য যথাসাধ্য ভালকৈ কৰিম।

 (৬) মই মিতব্যয় কৰিম।

 (৭) মোৰ মনক আনন্দময় কৰি ৰাখিম।

 (৮) মই বন্ধুৰ সমাদৰ কৰি বন্ধুতা বৃদ্ধি কৰিম। [ ২৬ ]

 (৯) মই পৰোপকাৰ মোৰ ব্ৰত কৰি লম।

 (১০) মই মোৰ আগত ওখ আদৰ্শ ৰাখিম।

তুমি যি কামকে কৰা তাত মন প্ৰাণ সমৰ্পণ কৰি কৰিবা। তাৰ উন্নতিৰ নিমিত্তে দিনে ৰাতিয়ে চিন্তা কৰিবা, তেনেহলে নিশ্চয় তুমি কৃতকাৰ্য্য হবা। মাকে যেনেকৈ লৰা তোলে, তুমি সেইদৰে তোমাৰ ব্যৱসায় তুলিব লাগিব, নতুবা সি বেয়া হব। যেতিয়া যি কৰিব লাগে সেইটো কৰি যাবা, পেলাই নথবা। নিজৰ স্বাৰ্থ নিজে দেখিলেহে সি ৰক্ষা পৰিব; লোকে দেখিলে সি কেতিয়াও তুমি নিজে দেখাৰ নিচিনা নহয়। বনৰীয়া বোন্দাই পহু মাৰি নিদিয়ে বুলি আমাৰ বুঢ়া লোকে কয়। সকলো কামৰ ভিতৰত প্ৰৱেশ কৰিবা। তোমাৰ কামৰ বিষয়ে [ ২৭ ] সকলো তন্নতন্নকৈ জানি লবা। লোকৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰিবা। প্ৰশ্ন কৰিবা জানিবলৈ আৰু শিকিবলৈ, যাক প্ৰশ্ন কৰা তাক ঠগাবলৈ বা জব্দ কৰিবলৈ নহয়। পিছৰষাৰত কোৱা বাটে প্ৰশ্ন কৰিলে তাৰে তোমাৰ উপকাৰৰ কোনো কথা কাৰোপৰা উলিয়াব নোৱাৰা, বৰং তেওঁ তোমাৰ মতলব বুজি লৈ তোমাৰ উদ্দেশ্য বিফল কৰি দিব; কাৰণ আত্মৰক্ষাৰ অৰ্থে যত্ন কৰা সকলোৰে স্বভাৱ।

 গোটেইটো জীৱনতে এহাশুধীয়া (Sincere) হবা। মুখে এটা পেটে এটা লৈ চলিলেই তোমাৰ সৰ্ব্বনাশ। তেনে স্বভাৱেৰে তুমি একো কাম সিদ্ধি কৰিব নোৱৰা। পোনতে, অৰ্থাৎ তুমি ধৰা নপৰা[ ২৮ ] লৈকে, দুটা এটা কথাত তুমি সিদ্ধি লাভ কৰিলেও, পিছ্ত ধৰা পৰি থিতাতে তুমি মাটি হবা, তোমাক কোনেও বিশ্বাস নকৰা হব; তাৰ বাহিৰেও তোমাৰ মনৰ অধোগতি হবই হব, নিশ্চয় নিশ্চয়। বহুতে “Honesty is the best policy” অৰ্থাৎ নিষ্কপটতা সকলোত কৈ ভাল নীতি বুলি তাৰ আশ্ৰয় লৈ কাম কৰে। কিন্তু যদিও সেইটো ভাল তথাপি সি সদায় নিৰাপদ নহয়; কাৰণ policy বা নীতিৰ হিচাপত মাথোন নিষ্কপট হৈ চলিলে, এনেকুৱা অৱস্থা কেতিয়াবা তোমাৰ হব যে সি কেতিয়াবা কোনো কামত খাপ নোখোৱা হলে কপটতা (dishonesty) অৱলম্বন কৰিবলৈ তোমাৰ মন যাব। আৰ্জব (uprightness) সত্য বস্তু, এই হিচাপত আৰ্জবৰ (honesty) আশ্ৰয় লোৱাটোহে উচিত। ঈশ্বৰৰ [ ২৯ ] আগত তোমাৰ business policy ব্যৱসায়াত্মিকা কূট বুদ্ধি গ্ৰাহ্য নহয়।

 সাহ চৰিত্ৰ গঠনত বৰ দৰ্‌কাৰ। কিন্তু সৎ সাহহে (moral courage)। আমাক এনে সাহ লাগে যাক ইংৰাজী ভাষাত Fortitude বোলে। এই সাহে মনলৈ এনে বলে আনে, যাৰ দ্বাৰাই ক্ৰোধ, ভয় ইত্যাদিৰ ওপৰত আমাৰ কৰ্ত্তৃত্ব হয়। সমুখত উপস্থিত হোৱা বিপদ এই সাহৰ আগত কোঁচ খাই যায়। যদি সেই বিপদ এনেকুৱা হয় যে সি দুৰ্ণিবাৰ, অদম্য, তথাপি এই সৎসাহে আমাক বীৰৰ নিচিনাকৈ সেই বিপদৰ সমুখ হৈ তাৰ আক্ৰমণ সহ্য কৰিবলৈ শিকাব। যি বিপদৰ কোনো প্ৰতিকাৰ নাই তাক বুকু পাতি নিৰ্ভয়ে সহ্য কৰাটোও সাহৰেহে কাম। [ ৩০ ] মানুহৰ জীৱনত বিপদ আহিয়েই থাকে, সেইদেখি সাহক জীৱনৰ এৰিব-নোৱাৰা লগৰীয়া কৰি লব লাগে। বিপদ যেনেকুৱাই হওক সি আহি আগত পৰিলে, থিৰ হৈ মুখত মিচিকীয়া হাঁহিৰে তাৰ সমুখ হব লাগে।

 মানুহৰ দোষ ক্ষমা কৰিবা। ক্ষমাত মহত্ব আৰু দেৱত্ব আছে, আৰু সি তোমাৰ চৰিত্ৰত প্ৰতিভাত হৈ তোমাক আৰু ওখ আৰু মহৎ কৰিব। ক্ষমাই মনলৈ দয়াৰ বাট, প্ৰেমৰ বাট মুকলি কৰি ৰাখে। যি দোষ কৰে, তাৰ ঠাইত তোমাৰ মনতে তোমাক বহুৱাই চাবা, তেনেহলেই তুমি তেওঁক ক্ষমা কৰিব পাৰিবা। হিংসা, খিয়াল, দ্বেষ, ক্ৰোধ আদি নানা অৱস্থাত পৰি মানুহে পশুত্ব প্ৰাপ্ত হৈ পৰৰ বিৰোধ [ ৩১ ] আচৰণ কৰে। সেইটো বুজি, কৃপা কৰি, ক্ষমা কৰি, সাধুতাৰে তাৰ অসাধুতাক জয় কৰিবা। অনেকে বিপক্ষক ক্ষমা কৰে, কিন্তু বিপক্ষৰ দোষটো হলে নাপাহৰে, মনত টোপোলা বান্ধি থৈ দিয়ে। ক্ষমাও কৰিব লাগে, দায় পাহৰিবও লাগে, তেহে সম্পূৰ্ণ ক্ষমা কৰা হয়, নতুবা পুৰণি দোষৰ সোঁৱৰণিয়ে তোমাৰ মনত আকৌ কেতিয়াবা বিপৰীত ভাবক সাৰ পোৱাই দিব পাৰে। সেইদেখি দোষৰ ক্ষমাক সম্পূৰ্ণ কৰিবলৈ পাহৰণি লাগে।

 ঈশ্বৰে সৃষ্টিৰ সকলো পদাৰ্থ, সকলো কাৰ্য্যকে আপুনি গঢ়িছে; মাথোন এটি কাৰ্য্যৰ গঠন তেওঁ মানুহৰ হাতত এৰি দিছে; সেইটি মানুহৰ চৰিত্ৰ গঠন। ইয়াৰ কাৰণ, মানুহক তেওঁ বুদ্ধি বিদ্যা [ ৩২ ] আৰু চিন্তা-শক্তি দান কৰি ৰাখিছে। এইফেৰা “স্বৰাজৰ” (Self-Government) ক্ষমতা মানুহে ঈশ্বৰৰপৰা লাভ কৰিছে। এতেকে এইফেৰি “স্বৰাজৰ” শাসন, গঠন মানুহে ভালকৈ কৰিলে ভাল হৈ তাৰ ভাল ফলভোগ কৰিবলৈ পায়, বেয়াকৈ কৰিলে বেয়া হৈ তাৰ বেয়া ফলভোগ কৰিবলৈ পায়। Self-Governing Municipality অৰ্থাৎ স্বায়ত্বশাসনৰ ক্ষমতা পোৱা কোনো মিউনিচিপেলিটিয়ে ভালকৈ নিজৰ কৰ্ত্তব্য কৰিব নোৱাৰিলে, গবৰ্ণমেণ্টে সেই মিউনিচিপেলিটিৰ পৰা সেই ক্ষমতা কাঢ়ি নিয়া আমি চকুৰ আগতে দেখি আছোঁ; সেইদৰে নিজৰ চৰিত্ৰ গঠন কাৰ্য্যত অপাৰগ হোৱা লোককো ঈশ্বৰে তেওঁৰ হাতৰ পৰা এই ডাঙৰ ক্ষমতা কাঢ়ি নি, চৰিত্ৰ কি বস্তু [ ৩৩ ] তাক নজনা পশুৰ শাৰীলৈ পঠিয়ায়। সজ চিন্তা সজ কাৰ্য্যৰ জনক। মনৰ পোহৰে তোমাৰ কাৰ্য্যৰ এন্ধাৰ চুকতো পোহৰ পেলায়। মন, বুদ্ধি, চিত্তক শুদ্ধ কৰি ৰাখাঁ, আৰু সেই বিশুদ্ধ মন বুদ্ধি চিত্তৰে তোমাৰ অন্তৰ বিশুদ্ধ কৰি, জীৱনৰ কাৰ্য্যক্ষেত্ৰত আগ বাঢ়ি যোৱা, ভয় নাই, তোমাৰ জয় নিশ্চয়।

 ঈশ্বৰত একান্ত বিশ্বাস, একান্ত নিৰ্ভৰ কৰি, তোমাৰ জীৱনত এহাশুধীয়াকৈ নিষ্কপটভাৱে কৰা কাৰ্য্যৰ ফলাফল তেওঁৰ চৰণত সমৰ্পণ কৰাঁ, হে বন্ধুসকল, এয়েই তোমালোকৰ প্ৰতি এই দুখীয়াৰ উপদেশ!

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )