লাহৰী

ৱিকিউৎসৰ পৰা
[  ]

লাহৰী
(ঘৰুৱা উপন্যাস)

কলিকতা ইউনিভাৰ্চিটীৰ ৰেজিষ্টাৰ্ড গ্ৰেজুৱেট আৰু বি-এ-প্ৰশ্নকাৰ; পাট্‌না
ইউনিভাচিটীৰ প্ৰশ্নকাৰ আৰু পৰীক্ষক; লণ্ডন ৰয়েল এচিয়াটীক চোচাইটীৰ
অনৰেৰী মেম্বৰ;পোন্-প্ৰথম অসম লেজিচ্‌লেটীভ কাউন্সিলৰ অনৰেবোল
আহোম প্ৰতিনিধি মেম্বৰ; আহোম এচোচিয়েচনবিলাকৰ জেনেৰেল
চেক্ৰেটাৰী আৰু প্ৰেচিডেণ্ট; প্ৰথম শ্ৰেণীৰ অনৰেৰী মাজিষ্ট্ৰেট,;
মিউনিচিপাল বোৰ্ডৰ চেয়াৰম্যান; অসম সাহিত্যিক-
সম্মিলনী, অসম-ছাত্ৰ সম্মিলনী, অসম-শিক্ষক-সম্মিলনী,
আহোম-সভা-সম্মিলনী, অসম-মণ্ডল-কানন্‌গু-সম্মিলনী,
অসম-সংৰক্ষিণী-সভা-সম্মিলনী,জয়মতী-তিথি-
সম্মিলনী,অসম-এচোচিয়েচন-কনফাৰেঞ্চ
প্ৰভৃতিৰ সভাপতি;'বিজুলী',
‘উষা' আৰু 'বন্তি'ৰ
সম্পাদক;
অসমীয়া সাহিত্যিক পেঞ্চনাৰ্
ৰায়বাহাদুৰ শ্ৰীযুত পদ্মনাথ গোহাঞি বৰুৱা,
     এম্,আৰ,এ,এচ,
ৰচিত।



চতুৰ্থ তাঙৰণ।



তেজপুৰ,
১৮৬৫ শক।
⸺●⸺
মূল ১৷০ পাঁচমহা

[  ]

তেজপুৰ, অসম,
লীলা-এজেঞ্চিৰপৰা
গ্ৰন্থকাৰৰ দ্বাৰাই প্ৰকাশিত।




    

কলিকতা,
৮৫নং অপাৰ চাৰ্কুলাৰ ৰোডস্থিত
ভাৰতমিহিৰ প্ৰেছত
শ্ৰীযুগলচৰণ দাসৰ দ্বাৰাই মুদ্ৰিত

[  ]
১। পাতনি।
⸺●●⸺

 অসমীয়া উপন্যাস বুলিবলৈ আজিলৈকে এখনো পুথি ওলোৱা নাই। সেই অভাৱ আৰু দুৰ্ণাম গুচাবৰ মনেৰেই “লাহৰী” ৰচিবলৈ হাতত লোৱা হয়। কিন্তু পুথি ৰচনাৰ ফালে ৰচোঁতাৰ এয়ে পোন্‌-প্ৰথম উদ্যম,—এই “লাহৰী”য়েই তেওঁৰ মনে-পতা গ্ৰন্থাৱলীৰ লখিমী। এতেকে, ইয়াত যে অনেক আসোঁৱাহ ৰৈছে, তাক নকলেও হয়; গুণগ্ৰাহী ৰাইজে ন-লিখাৰুৰ দোষাদোষত নালাগি, সামান্য গুণৰ ভাগ গ্ৰহণ কৰিলেই লিখকে তেওঁৰ পৰিশ্ৰম সাৰ্থক হৈছে বুলি মানিব।

 কোৱা বাহুল্য মাথোন যে, কলিকতাত প্ৰতিষ্ঠিত “ফুকন-মজিন্দাৰ” কোম্পানীৰ এজেঞ্চিয়ে পুথিখনৰ প্ৰথম তাঙৰণ পোহৰলৈ উলিয়াই নিদিয়া হলে, “লাহৰী” সতকাই পোহৰলৈ ওলোৱাৰ আশা নাছিল। সেই বাবে আমি সেই কোম্পানীৰ গৰাকী শ্ৰীযুত দুৰ্গানাথ শৰ্মা ফুকনদেৱলৈ এই ছেগতে আমাৰ শলাগৰ শৰাই আগ বঢ়াইছোঁ। ইতি—

৬৭নং, মিৰ্জাপুৰ ষ্ট্ৰীট্‌।
১৫ আহিন ১৮১৪ শক।
বিনীত,
শ্ৰীপদ্মনাথ গোহাঞি বৰুৱা
 
২। পাতনি।

 পাঁচ বছৰমানৰ ভিতৰতে ১ম তাঙৰণৰ “লাহৰী” প্ৰাহকক বিলাবলৈ নাইকিয়া হল। সেই কাৰণে, তাৰ পাচৰ দুবছৰমান আমি গ্ৰাহকৰপৰা তাগিদ সহিব লগাত পৰোঁ। তাৰ পাচত, এতিয়া বহু প্ৰবন্ধৰে এই দ্বিতীয় তাঙৰণ উলিৱা হৈছে। এই তাঙৰণৰ সংস্কাৰত পুথি কলেৱৰ আগতকৈ অলপ বাঢ়িল। গতিকে, পুথিৰ মূল্যও ৸৹ তিনিসিকিলৈ চৰিল। ইতি—

তেজপুৰ, অসম।
১৫ আহন ১৮২৩ শক।
ৰচোঁতা—গ্ৰন্থকাৰ।
 
[  ]
৩। পাতনি।

 ২য়, তাঙৰণৰ “লাহৰী” সমুদায় বিক্ৰি হোৱাত, আকৌ পাবলৈ নাইকিয়া হল। এইবাৰ ভালেমান দিন গ্ৰাহকক পুথি যোগাব নোৱাৰি দুখিত হৈ, বহু প্ৰবন্ধেৰে এই তৃতীয় তাঙৰণ উলিৱা হৈছে। এইবাৰৰ সংস্কাৰত পুথিৰ কলেৱৰ ভালেমান চবি উঠাত, ইয়াৰ বেচো ১৲ এটকালৈ চৰিল। ইতি—

তেজপুৰ, অসম।
১৫ জেঠ, ১৮৪৬ শক।
ৰচোঁতা—গ্ৰন্থকাৰ।
 
৪। পাতনি।

 ৩য়, তাঙৰণত “লাহৰী” ক্ৰমে মেট্ৰিকুলেচন আৰু আই, এ, মহলাৰ্থীৰ পাঠ্য নিৰ্দ্ধাৰিত হোৱা হেতুকে, ইয়াৰ কাটন বহুল হোৱাত, এই পুথি সোনকালে ঢুকাল। কিন্তু আমাৰ আন-আন গ্ৰন্থাদিৰ নতুন নতুন তাঙৰণ উলিৱাত আমি ব্যস্ত থকাৰ কাৰণে, এই চতুৰ্থ তাঙৰণ ছপা কৰাৱাত ভালেমান দিন পলম হল। সেইবাবে আমি ৰাইজৰ ওচৰত ক্ৰটী মাৰ্জনা মাগিছোঁ। চতুৰ্থ তাঙৰণত আগৰ দোষাদোষ পাৰ্যমানে পৰিশোধন কৰাৰ উপৰি ভিতৰ- ভাগতো ভালেমান ভাল ভাল সমল ভৰাবলগীয়া হোৱাত, পুথিৰ কলেৱৰ আকৌ বাঢ়ি উঠিল; গতিকে, “লাহৰী”ৰ মুল্যও ১।৹ পাঁচসিকিলৈ চৰিল। ইতি—

“পদ্মকুটীৰ”, তেজপুৰ, অসম।
১৫ বহাগ, ১৮৬৫ শক।
ৰচোঁতা—গ্ৰন্থকাৰ।
 

[  ]
উছৰ্গা।


মােৰ
অতি চেনেহৰ
নুমলীয়া ভনী
ৰায়বাহাদুৰ শ্ৰীযুত ৰাধাকান্ত সন্দিকৈৰ
প্ৰিয়তম ভাৰ্য্যা
৺নাৰায়ণী দেবী সন্দিকৈয়িনী
আইদেউৰ পৱিত্ৰ নামত
"সৰুককাইদেউৰ"
স্নেহ স্মৃতি-তৰ্পণ।
ৰচোঁতা।

সূচীপত্ৰ (মূল গ্ৰন্থত নাই)পৃষ্ঠা

প্ৰথম আধ্যা- পামপুৰ।
দ্বিতীয় আধ্যা- ৰংপুৰ।
তৃতীয় আধ্যা- চালুকীয়া লাহৰী
চতুৰ্থ আধ্যা- কমল কলৈ গল!
পঞ্চম আধ্যা- অময়া প্ৰেমৰ আভাস।
ষষ্ঠ আধ্যা- ধনবৰ বৰগোহাঞি৷
সপ্তম আধ্যা- লাহৰী-কমল৷
অষ্টম আধ্যা- বিয়াৰ মন্ত্ৰণা।
নৱম আধ্যা- বিৰহ।
দশম আধ্যা- ৰত্নেশ্বৰ ৰাজখোৱা ।
একাদশ আধ্যা- খোজাবঢ়া।
দ্বাদশ আধ্যা- চিঠি-পত্ৰ।
ত্ৰয়োদশ আধ্যা- ন-পমুৱা মান।
চতুৰ্দশ আধ্যা- জয়ন্তী।
পঞ্চদশ আধ্যা- বিয়া।
ষোড়শ আধ্যা- কমল।
সপ্তদশ আধ্যা- বুঢ়া-বুঢ়ীৰ বুকত লাহৰী।
অষ্টাদশ আধ্যা- জয়ন্তীৰ বিয়া ৷
ঊনবিংশ আধ্যা- পাপৰ পৰিণাম।
বিংশ আধ্যা- মহামিলন, —বাঞ্ছাসিদ্ধি।
একবিংশ আধ্যা- শান্তিপুৰ।
দ্বাবিংশ আধ্যা- ঘৈণী লাহৰী—আদৰ্শ দম্পতী।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )